মুখ্য-পৃষ্ঠা

কাশ্মীৰত নিহত বংগৰ দুই শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী, অনুপস্থিত মুখ্যমন্ত্ৰীসহ চৰকাৰৰ মন্ত্ৰী-বিধায়ক

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা পশ্চিম বংগৰ দুই চি আৰ পি এফ জোৱান বাবলু সাঁতৰা আৰু সুদীপ বিশ্বাসৰ নশ্বৰ দেহ শনিবাৰে মাতৃভূমিলৈ অনা হয়। এক শোকাকুল পৰিৱেশৰ মাজেৰে শ্বহীদ জোৱান দুজনৰ নশ্বৰ দেহ মাতৃভূমিলৈ লৈ অনাৰ পিছতে বিভিন্নজনে অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰে। চি আৰ পি এফৰ তৰফৰ পৰা শ্বহীদ জোৱান দুজনক গাৰ্ড অৱ অ'নাৰ প্ৰদান কৰা হয়। শ্বহীদ জোৱান দুজনৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত লকেট চট্টোপধ্যায়, বাবুল সুপ্ৰিয়, ৰাহুল সিনহাৰ লগতে চি আৰ পি এফৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। কিন্তু লক্ষণীয় বিষয়টো এয়ে যে পুলৱামাত শ্বহীদ হোৱা পশ্চিম বংগৰ এই দুই জোৱানক অন্তিম শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিবলৈ উপস্থিত নহ'ল ৰাজ্য চৰকাৰৰ কোনো মন্ত্ৰী, বিধায়ক। অৱশ্যে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত দেখা গ'ল তৃণমূল কংগ্ৰেছৰ স্থানীয় নেতা-নেত্ৰীসকলক।

বিয়লিৰ ভাগত দুই শ্বহীদ জোৱানৰ নশ্বৰ দেহ লৈ অনা হয় স্বগৃহলৈ। শনিবাৰে পুৱাৰে পৰা শ্বহীদ জোৱান বাবলু সাঁতৰাৰ বাউড়িৱাস্থিত বাসগৃহত আৰু সুদীপ বিশ্বাসৰ তেহট্টৰ হাঁসপুকুৰিয়াৰ বাসগৃহত অগণন লোকে ভিৰ কৰে। আনফালে, কলকাতা বিমান বন্দৰৰ সমীপত শ্বহীদ জোৱানসকলৰ নামৰ জয়ধ্বনি দি পাকিস্তান মুৰ্দাবাদ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে অসংখ্য লোকে।

ইফালে প্ৰতিবাদকাৰীসকলে পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আত্মঘাটী বিস্ফোৰণক ধিক্কাৰ জনাই মৌলবাগী সংগঠন আৰু পাকিস্তানৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনায়। প্ৰয়োজন হ'লে পাক বিৰোধী যুদ্ধৰ বাবে প্ৰতীবাদকাৰীসকলো সাজু বুলি হুংকাৰ দি ভাৰতীয় জোৱানৰ ওপৰত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে চলোৱা এনে কাণ্ডৰ উচিত শিক্ষা দিয়া উচিত বুলি সকলোৱে একে মুখে দাবী জনায়।