মুখ্য-পৃষ্ঠা

বিজেপি নেতা দিলীপ ঘোষৰ ওপৰত টিএমচি কৰ্মীৰ আক্ৰমণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ পশ্চিমবংগ বিজেপি সভাপতি দিলীপ ঘোষৰ ওপৰত টিএমচিৰ কৰ্মীয়ে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে দিলীপ ঘোষে অভিযোগ কৰা অনুসৰি, নৰ্থ ২৪ পাৰাগনা জিলাৰ এখন চাহৰ দোকানলৈ যোৱা সময়তে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে তেওঁৰ ওপৰত আক্ৰমণ কৰে।

দিলীপ ঘোষে এই সন্দৰ্ভত সাংবাদিকৰ আগত কয়- 'যেতিয়া মই চাহ দোকানখনলৈ গৈছিলো, সেই সময়তে টিএমচিৰ কৰ্মীয়ে মোৰ ওপৰত আক্ৰমণ চলায়। মোৰ গাড়ীখনো ভাঙি দিয়ে। লগতে মোৰ সুৰক্ষাৰ বাবে থকা নিৰাপত্তাৰক্ষী কেইজনৰ সৈতেও বেয়া ব্যৱহাৰ কৰে। মই নাজানো কিয় তেনেকুৱা কৰিছে টিএমচিয়ে।'