মুখ্য-পৃষ্ঠা

টিকটক নিষিদ্ধকৰণক লৈ কোন মহিলা সাংসদ অসন্তুষ্ট!

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত ৫৯টা চীনা এপছ নিষিদ্ধ কৰাক লৈ ভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। সৰহ সংখ্যকেই ভাৰত চৰকাৰৰ এই প্ৰদক্ষেপক প্ৰশংসা কৰিছে যদিও টিকটকৰ নিষিদ্ধতাক একাংশই সহজভাৱে লব পৰা নাই।

শেহতীয়াকৈ টিকটক ভাৰত নিষিদ্ধ কৰা বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী, অভিনেত্ৰী নুৰছত জাহাই। তেওঁ চৰকাৰৰ এই সিদ্ধান্তক অদুৰদৰ্শী সিদ্ধান্ত আখ্যা দি ভাৱি-চিন্তি নোলোৱাকৈয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে, নুৰজত জাহাৰ টিকটকত আছিল যথেষ্ট সংখ্যক ফলৱাৰ্ছ। লাখৰো অধিক ফলৱাৰ্ছ থকা সাংসদগৰাকীয়ে লগতে কয়, এই প্ৰতিবন্ধকতাৰ পৰা মানুহৰ অসুবিধা হব নালাগে, যিদৰে বিমুদ্ৰাকৰণৰ সময়ত হৈছিল।