মুখ্য-পৃষ্ঠা

ইডি, চিবিআইক চৰকাৰে ব্যৱহাৰ কৰে নিজৰ বাবে ! কেন্দ্ৰীয় চৰকাৰৰ ২ অধ্যাদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মহুৱা মৈত্ৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে দই নতুন অধ্যাদেশ। এই অধ্যাদেশৰ অধীনত প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডি আৰু চি বি আইৰ সঞ্চালকসকলৰ কাৰ্যকাল এতিয়া দুবছৰৰ বাধ্যতামূলক কাৰ্যকালৰ পিছত ৩ বছৰলৈ বৃদ্ধি কৰিব পৰা যাব। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই দুই নতুন অধ্যাদেশৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।

তৃণমূল কংগ্ৰেছৰ সাংসদৰগৰাকীয়ে কৈছে যে, এই অধ্যাদেশসমূহ উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়ৰ বিপৰীত। "মই উচ্চতম ন্যায়ালয়ত চিবিআই আৰু ইডি সঞ্চালকৰ কাৰ্যকাল বৃদ্ধি সম্পৰ্কীয় কেন্দ্ৰীয় অধ্যাদেশসমূহক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰিছিলো, যিটো উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিপৰীত," সাংসদজনে এক টুইটযোগে কয়।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এই অধ্যাদেশসমূহক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এইয়া দ্বিতীয় আবেদন। ইয়াৰ পূৰ্বে মঙলবাৰে অধিবক্তা এম এল শৰ্মাই একেধৰণৰ আবেদন দাখিল কৰিছিল।চৰকাৰৰ এই অধ্যাদেশৰ বিৰোধিতা কৰিছে অন্যান্য বিৰোধী দলসমূহেও। বিৰোধীয়ে কৈছে যে চৰকাৰে এই দুটা সংস্থাক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰি আছে।