মুখ্য-পৃষ্ঠা

‘তিতলী’য়ে ধ্বংসলীলা চলাইছে অন্ধ্ৰত, মৃত্যু ৮জনৰ, উৰুৱাই নিলে ৰে’ল ষ্টেচন

asomiyapratidin

ডিজিটেল ডেস্কঃ 'তিতলী' ঘূৰ্ণীৰ প্ৰভাৱত এতিয়া অন্ধ্ৰ প্ৰদেশত স্বাভাৱিক জীৱন ব্যহত হৈ পৰিছে। ঘন্টাত ১৪০ৰ পৰা ১৫০ কিঃমিঃ বেগত গতি কৰা এই ঘূৰ্ণী বতাহৰ ফলত অন্ধ্ৰ প্ৰদেশৰ বিজয়ানগৰ জিলা আৰু শ্ৰীকাকুলামত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যুৰ বাতৰি আহিছে।

উপকূলীয় অঞ্চলসমূহত এই ঘূৰ্ণীয়ে বিস্তৰ ক্ষতি কৰিছে। ৰাজ্যখনৰ পালাচা ৰে'লৱে ষ্টেচনত এই ঘূৰ্ণী বতাহে উৰুৱাই নিয়াৰ লগতে বাট-পথতো শ শ গছ উভালি পৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে, যোৱা দুদিনত এই ঘূৰ্ণী বতাহৰ ফলত অন্ধ্ৰ প্ৰদেশকে ধৰি উৰিষ্যা, পশ্চিম বংগত যথেষ্ট বৃষ্টিপাত হয়। উৰিষ্যাৰ গোপালপুৰত এই ঘূৰ্ণীয়ে যথেষ্ট ধ্বংসলীলা চলাইছে। সাগৰীয় উপকূলীয়া অঞ্চলৰ পৰা প্ৰায় ৩ লক্ষাধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

এই প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা লোকক উদ্ধাৰ কৰিবলৈ ১৪টাকৈ এনডিআৰএফৰ দল সাজু কৰি ৰখা হৈছে। ঘূৰ্ণী বতাহৰ বাবে ৰাজ্যখনত ১১ আৰু ১২ অক্টোবৰত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। ১৮ ঘন্টাৰ পাছত এই ঘূৰ্ণী বতাহৰ গতিবেগ হ্ৰাস পাব বুলি বতৰ বিজ্ঞানীসকলে জানিবলৈ দিছে।

নিশালৈ এই ঘূৰ্ণীৰ ফলত অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, পশ্চিম বংগৰ লগতে কাষৰীয়া ৰাজ্যসমূহত যথেষ্ট পৰিমাণৰ বৰষুণ হ'ব বুলি বতৰ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে।