মুখ্য-পৃষ্ঠা

বৰহোলাত অ’ এন জি চিৰ থলুৱা বিৰোধী নীতি বাতিল আৰু তৈলখাদ অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ দাবীত তিতাবৰ মহকুমা ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ বেকাজানঃ অ' এন জি চিয়ে ১৯৭৯ চনৰ পৰা বছৰি কোটি কোটি টকাৰ খাৰুৱা তেল উৎপাদন কৰি অহাৰ পাছতো সামাজিক দায়বদ্ধতা আঁচনিৰ ৰূপায়ণ নকৰা , থলুৱা বিৰোধী নীতি বাতিল কৰা আৰু তৈলখাদ অঞ্চলৰ সামগ্ৰিক উন্নয়ন , বৰহোলা বাট-পথ উন্নয়ন সাধন নকৰা , থলুৱা লোকক ঠিকা ঠুকলি পৰা বঞ্চিত কৰা কৰাৰ বিৰুদ্ধে আজি তিতাবৰ মহকুমা ছাত্ৰ সন্থাই বৰহোলা শিলডুবিৰ জি জি এছৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

বৃহস্পতিবাৰে দুপৰীয়া তিতাবৰ মহকুমা ছাত্র সন্থা আৰু বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড অ 'এন জি চিৰ বঞ্চনা সহ্য কৰা নহব , থুলৱা বঞ্চিত কৰা নচলিব , বৰহোলা তৈলখাদ এলেকাৰ জৰাজীৰ্ণ বাট-পথ মেৰামতি কৰক, অ 'এন জি চিৰ থলুৱা বিৰোধী নীতি শীঘ্ৰে বাতিল কৰক , অ ' এন জি চিৰ দাদাগিৰি নচলিব আদি শ্লগানেৰ পৰিবেশ উত্তাল কৰি তোলে । লগতে আছুৱে শিলডুবি জি জি এছৰ মূল গেট বন্ধ কৰি কৰ্মচাৰীৰ অহা যোৱা বন্ধ কৰি দিয়ে । উল্লেখ যে আজি অ' এন জি চিৰ বিৰুদ্ধে আছুৰ বৃহৎ প্ৰতিবাদৰ সন্দৰ্ভত তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য পাঠকে কয় যে বৰহোলা অঞ্চলত অ' এন জি চিয়ে বছৰি লাখ বেৰেল খাৰুৱা তেল উৎপাদন কৰি কোটি কোটি লাভ অৰ্জন কৰি আহিছে যদিও অঞ্চলটোৰ জৰাজীৰ্ণ বাটপথ উন্নয়ন , চিকিৎসা সেৱা , বিশুদ্ধ খোৱা পানী, মেধাৱী শিক্ষাৰ্থী বাবে জলপানী ব্যৱস্থা নকৰি কেৱল শোষণ বঞ্চনা কৰি আহিছে ।

তদুপৰি শেহতীয়াকৈ একাংশ শীৰ্ষ বিষয়াই থুলৱা বিৰোধী নীতি গ্ৰহণ কৰি অ' এন জি চিৰ গাড়ী যোগান আৰু ঔষধ যোগানৰ ঠিকা বহিৰাগত বহজাতিক গতাই দিয়াৰ অভিসন্ধি কৰিছে । অ' এন জি চিৰ এয়ে থুলৱা বিৰোধী নীতিৰে ঠিকাদাৰ আৰু নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ পৰা বঞ্চিত কৰিব। সেয়ে তিতাবৰ মহকুমা আছুৱে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে। এই উৎকট গৰমত প্ৰায় দুঘণ্টা ধৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত চিনামৰা আৰকান বেছিনৰ অ' এন জি চিৰ এছ আৰ সিনহা আৰু আনন্দ ৰাজ নামৰ দুগৰাকী শীৰ্ষ বিষয়াসকলে উপস্থিত হৈ আছুৰ সৈতে আলোচনা কৰে । তেওঁলোকে অহা ১৪ জুলাইত আছুৰ সৈতে স্থানীয় সমস্যা সমাধান সন্দৰ্ভত আলোচনাত মিলিত হোৱা প্ৰতিশ্ৰুতি দিয়ে ।

অৱশ্যে তিতাবৰ মহকুমা ছাত্ৰ সন্থাই উল্লিখিত দাবী কাৰ্যকৰী কৰাত বিলম্ব কৰি পুনৰ নিগমৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে । ইয়াৰ পিছত আছুৱে বৰহোলাত অ' এন জি চিৰ প্ৰশাসনিক ভৱন নিৰ্মাণ , অত্যাধুনিক সা-সুবিধাযুক্ত পৰ্যটক ভৱন , শিলডুবিত পৰ্যটন প্ৰকল্প আৰম্ভ কৰা, গড়াজানত ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা , বৰহোলাৰ পৰা শিলডুবি জি এছ লৈ সৌৰ ষ্ট্ৰীট লাইত স্থাপন কৰা , এখন মিনি ছুপাৰ স্পিচিয়েলেটি হাস্পালত নিৰ্মাণ, বৰহোলা মহাবিদ্যালয়ত আধুনিক সা সুবিধা থকা প্ৰেক্ষাগৃহ নিৰ্মাণ, শিলডুবিৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বৃক্ষৰোপন কৰা আৰু মেধাৱী শিক্ষাৰ্থীক স্কলাৰশ্বিপ প্ৰদান কৰাকে ধৰি পোন্ধৰটা দাবীযুক্ত স্মাৰকপত্ৰ প্ৰদান কৰে ।