মুখ্য-পৃষ্ঠা

পুৰুষৰ সমানে পাৱাৰটিলাৰে পথাৰত হাল বোৱা, মাছ পালনত ব্যস্ত টীয়কৰ উচ্চ শিক্ষিতা যুৱতী ৰিমঝিম…

asomiyapratidin

ডিজিটেল সংবাদ, টীয়কঃ এগৰাকী ব্যতিক্ৰমী মহিলা । নাম ৰিমঝিম দত্ত । ঘৰ টীয়কৰ মেলেং গায়ন গাঁৱত । ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰিমঝিমে চৰকাৰী চাকৰিৰ আশাত ৰৈ নাথাকি স্বাৱলম্বী হবৰ বাবে ঘৰতে থলুৱা প্ৰজাতিৰ মাছ পালন, ব্ৰইলাৰ মুৰ্গী পালন কৰাৰ লগতে হালধি আৰু কচু খেতিত ব্যস্ত থাকি দেখুৱাইছে আদৰ্শ ।

পুৰুষৰ সমানে ৰিমঝিমে পাৱাৰ টিলাৰে পথাৰত হাল বোৱা,মৰণা মৰা,ব্ৰইলাৰ মুৰ্গী পোহা ,থলুৱা মৎস্য পালনকে ধৰি স্বাৱলম্বী হব পৰা সকলো কামেই কৰে। সৰুৰে পৰা নিজৰ পিতৃ আৰু খুড়াকক কৃষি কৰ্মৰে জড়িত হোৱা দেখি অহা ৰিমঝিমে কান্ধত কোৰ লৈ ,পাৱাৰ টিলাৰে হাল বাই কৃষি কৰ্মত পিতৃৰ সমান্তৰালভাৱে ব্যস্ত থাকে ৰিমঝিম ।

নৱ প্ৰজন্মৰ বাবে আদৰ্শ এই গৰাকী ৰিমঝিমৰ আছে বহু পৰিকল্পনা । ৰিমঝিমৰ স্পষ্ট মত কামৰ কোনো ভাগ নাই পুৰুষ অথবা মহিলাৰ । এই অতিমাৰীৰ সময়ত নিজকে পজিটিভ কৰি ৰাখিবলৈ এনে কামৰে জড়িত থকাৰ কথা উল্লেখ কৰি ৰিমঝিমে কয় যে চৰকাৰী চাকৰিৰ বাবে চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফুৰি সময় নষ্ট কৰাতকৈ কৃষি কৰ্ম,পশুপালনৰে জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তুলিব পাৰি । শিক্ষিতা যুৱতী ৰিমঝিম এতিয়া আন যুৱক-যুৱতীৰ বাবে আদৰ্শ ।