মুখ্য-পৃষ্ঠা

টীয়কত কন্টেইমেন্ট জ’নৰ পৰিস্থিতি ড্ৰোণৰে পৰ্যবেক্ষণ জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ…

asomiyapratidin

ডিজিটেল সংবাদ, টীয়ক: অসমৰ সৰ্বাধিক কোভিড আক্ৰান্ত অঞ্চল চিন্তামনিগড়ৰ কনন্টেইনমেন জ'নৰ ভিতৰ ভাগ আজি দ্ৰোণযোগে পৰ্যবেক্ষণ কৰিলে জিলা উপায়ুক্তই । কেৱল চিন্তামনিগড় অঞ্চলৰ বাবেই সমগ্ৰ যোৰহাট জিলাক সম্পূৰ্ণ কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰিব লগা হয় বুলিও উপায়ুক্ত অশোক কুমাৰ বৰ্মনে জানিবলৈ দিছে। বিশেষকৈ অবৈধ চুলাই মদৰ কাৰণেই সমগ্ৰ অঞ্চলটোত কোভিড পৰিস্থিতি অধিক ভয়াবহ হল বুলিও জানিবলৈ দিছে।

কন্টেইনমেন জ'নৰ বাহিৰৰ পৰাই আৰক্ষী অধীক্ষক অংকুৰ জৈনে নিজ হাতেৰে দ্ৰোণ কেমেৰা হাতত লৈ সমগ্ৰ অঞ্চল পৰ্যবেক্ষণ কৰি সকলো ৰাইজক সজাগ হবলৈ আহ্বান জনায়। যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমাৱৰ্তী অঞ্চলসমূহত বাঁহৰ বেৰাৰে বন্ধ কৰিবলৈ স্থানীয় আৰক্ষীক নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে। উল্লেখযোগ্য যে,ভগামুখ, চিন্তামণি গড়,জেলেঙীটোপ আদি ঠাইসমূহ বৰ্তমান ক'ভিডৰ ৰেড জ'ন হিচাপে চিনাক্ত কৰা হৈছে৷

সেয়ে এই ঠাইসমূহত ক'ভিড ৰোধ কৰাৰ উদ্দেশ্য আজি এই অভিযান চলোৱা হৈছে আৰু এনেধৰণৰ অভিযান আগলৈও প্ৰায়ে চলাই নিয়াৰ বিষয়ে জিলা প্ৰশাসনে অবগত কৰিছে৷ তদুপৰি ক'ভিড সংক্ৰমণ বৃদ্ধিৰ সময়চোৱাত অবৈধ সুৰা তথা চুলাই মদৰ আড্ডা সমূহৰ পৰা যাতে অধিক সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে অবৈধ সুৰাৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু উক্ত ঘাটিবোৰ উচ্ছেদৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতা বিচাৰিছে।