মুখ্য-পৃষ্ঠা

ভাৰতত টিকটক নিষিদ্ধ কৰাৰ পাছত চীনৰ কিমান টকা লোকচান হৈছে…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতে চীনৰ ওপৰত চলোৱা ডিজিটেল ষ্ট্ৰাইকত ৰঙা চীনৰ কেইবাশ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। শেহতীয়াকৈ সীমান্তত চীনে সৃষ্টি কৰা অশান্তজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে টিকটককে ধৰি ৫৯টা চীনা এপছ নিষিদ্ধ ঘোষণা কৰিছিল দেশত। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ প্ৰকাশিত হৈছে যে, ভাৰতত টিকটককে ধৰি অন্য তিনিটা এপছ নিষিদ্ধ কৰাৰ ফলত চীনৰ বাইটডান্স লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ ৬ আৰব ডলাৰ লোকচান হৈছে। উল্লেখ্য যে, যোৱা ১৫জুনত লাডাখৰ গালোৱানৰ সংঘৰ্ষৰ পাছতে চীনা এপছৰ লগতে সামগ্ৰী ভাৰতত নিষিদ্ধকৰণৰ জোৱাৰ উঠিছিল।