মুখ্য-পৃষ্ঠা

টিকটকৰ প্ৰস্থানৰ পাছতে আহিল ‘চিংগাৰীঃ বনাব পাৰি টিকটক দৰেই VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত টিকটককে ধৰি ৫৯টা চীনা এপছ নিষিদ্ধ কৰাৰ পাছত এই এপছৰ বিকল্প বিকল্প হিচাপে শেহতীয়াকৈ খুবেই জনপ্ৰিয় হৈ উঠিছে ভাৰতৰ এটা এপছ। ভাৰতৰ এই এপছটোৰ নাম চিংগাৰী। ইতিমধ্যে চৰ্চা হৈছে যে, ভাৰতত টিকটক বন্ধ হোৱাৰ পাছতে আটাইতকৈ লাভৱান হোৱা এপছটোৱেই হ'ল চিংগাৰী।

উল্লেখ্যে যে, সোমবাৰৰ দুপৰীয়াৰ পৰা নিশা ১২বজালৈকে ভাৰতত এই এপছটো ৩০লাখৰো অধিক লোকে ডাইনলড কৰিছে। ভাৰতৰ এই এপছটো আনকি দেশৰ বিশিষ্ট উদ্যোগপতি আনন্দ মহিন্দাইও ডাউনলড কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি এই এপছটো বেংগালুৰুৰ বিস্বত্মা নায়ক নামৰ এগৰাকী লোকে নিৰ্মাণ কৰিছিল।

বৰ্তমান ভাৰতত প্ৰতি ঘন্টাত 'চিংগাৰী'ৰ ডাউনলড কৰিছে ১,০০,০০০ৰো অধিক লোকে। বৃহত্‍ সংখ্যক ডাউনলডৰ বাবে আনকি বিকল হৈ পৰিছিল এপছটোৰ ছাৰ্ভাৰ। টিকটক দৰেি এই এপছটো ইংৰাজী, হিন্দী, বাংলা, গুজৰাটী, মাৰাঠী, কন্নড়, পঞ্জাৱী, তামিল,তেলেগু আৰু মালায়ম ভাষাত উপলদ্ধ। উল্লেখ্য যে, মঙলবাৰে ভাৰত চৰকাৰে নিষিদ্ধ কৰিছিল TikTok