মুখ্য-পৃষ্ঠা

বজ্ৰ পৰি ২৮জন লোকৰ মৃত্যু উত্তৰ প্ৰদেশত…

asomiyapratidin

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ পাছত এইবাৰ ধুমুুহা-বৰষুণে তননচ কৰিলে উত্তৰ প্ৰদেশ। প্ৰাপ্ত খবৰুনসৰি, এই পৰ্যন্ত বজ্ৰ পৰি ২৮জন লোকৰ মৃত্যু হৈছে ৰাজ্যখনত। ইয়াৰ ভিতৰত ৮জন লোক উন্নাও জিলাৰ। শনিবাৰে উত্তৰ প্ৰদেশত এই ধুমুহাৰ তাণ্ডৱত তচনচ হৈ পৰে বহু গাঁও। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহতসকলৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ৪ লাখকৈ প্ৰদান কথাৰ ঘোষণা কৰিছে। শনিবাৰে সন্ধিয়াৰ পৰা ধুমুহাৰ তাণ্ডৱ আৰম্ভ হয় উত্তৰ প্ৰদেশত।