মুখ্য-পৃষ্ঠা

১০ দিনতে বাজপেয়ী, চেতাৰ্জী আৰু কৰুণানিধিৰ চিৰবিদায়

asomiyapratidin

ডিজিটেল ডেস্কঃ ৭ আগষ্টৰ পৰা ১৬ আগষ্টলৈ মাত্ৰ ১০টা দিনৰ ভিতৰত দেশে হেৰুৱালে ৰাষ্ট্ৰ নিৰ্মাণত জীৱন উৎসৰ্গিত কৰা তিনিগৰাকী প্ৰবীন ৰাজনীতিবিদক। ৰাজনৈতিক ক্ষেত্ৰৰ লগতে সমাজ জীৱনলৈ তেওঁলোকৰ আছিল বিশেষ অৱদান।

৭ আগষ্টত আহিছিল প্ৰথম এই খবৰ। ডি এম কেৰ প্ৰধান কৰুণানিধি আৰু নাই। চেন্নাইৰ কাবেৰী হাস্পতালত ইহঃলীলা সম্বৰণ কৰিছিল কৰুণানিধিয়ে। তেওঁ আছিল লেখক, চিত্ৰ-নাট্যকাৰ তথা আঞ্চলিকতাবাদৰ এজন পুৰুধা ব্যক্তি। দ্ৰাবিড়সকলৰ আত্মমৰ্যাদা ৰক্ষা আন্দোলনৰ জৰিয়তে ৰাজনীতি প্ৰৱেশ কৰা কৰুণানিধিয়ে ৰাষ্ট্ৰীয় স্তৰত আঞ্চলিক ৰাজনীতিক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।তামিলনাডুত থাকিও তেওঁ আছিল দিল্লীৰ পৰা সমীহ আদায় কৰিব পৰা এজন প্ৰবীন নেতা।

তাৰ পাছতেই আহিছিল ১৩ আগষ্টত আন এক খবৰ। কলকাতাৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত মৃত্যু হৈছিল প্ৰবীন বাওঁপন্থী নেতা সোমনাথ চেতাৰ্জীৰ। অসমৰ তেজপুৰত জন্মগ্ৰহণ কৰা সোমনাথ চেতাৰ্জী আছিল লোকসভাৰ অন্যতম প্ৰভাৱশালী অধ্যক্ষ। সততা আৰু নিষ্ঠাত কোনো দিনেই চেতাৰ্জীয়ে আপোচ কৰা নাছিল। স্পষ্টবাদী এই নেতাজনৰ মহাপ্ৰস্থান ভাৰতীয় ৰাজনীতিৰ বাবে এক বিৰাট ক্ষতি।

তাৰ পিছত দেশে স্বাধীনতা দিৱস উদযাপন কৰাৰ এদিনৰ পাছতেই আহিল আৰু এটা দুখৰ খবৰ। তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা বিজেপিৰ মাৰ্গদৰ্শক অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৱে সমগ্ৰ দেশতেই শোকৰ জোৱাৰ তুলিলে।

১০দিনৰ ব্যৱধানত এনে তিনিগৰাকী ৰাজনীতিবিদৰ মৃত্যুৱে ৰাজনৈতিক ক্ষেত্ৰখনত শূন্যতাৰ সৃষ্টি কৰিছে। প্ৰজ্ঞা আৰু সাধনাৰে দেশ আৰু জাতিক প্ৰাণভৰি ভাল পোৱা এই তিনিগৰাকী ৰাজনীতিবিদৰ আদৰ্শ পৃথক হ'ব পাৰে। কিন্তু তেওঁলোকৰ উদ্দেশ্য আছিল দেশৰ কল্যাণ।

তিনিও আছিল নিজ নিজ দিশত নিজস্ব ধ্যান ধাৰণাৰে দেশৰ কল্যাণ আৰু প্ৰগতিৰ প্ৰতি দায়ৱদ্ধশীল ৰাজনীতিবিদ। এই ত্ৰিমূৰ্তিৰ মহাপ্ৰস্থানে ভাৰতীয় ৰাজনীতিৰ বহু অধ্যায় সামৰণি পেলালে। 

লক্ষণীয় যে, পূৰ্বাঞ্চল, উত্তৰাঞ্চল আৰু দক্ষিণাত্যৰ পৰা প্ৰতিনিধিত্ব কৰা এই তিনিওগৰাকী নেতা ৰাষ্ট্ৰীয় ৰাজনীতিত অদ্বিতীয় আছিল আৰু তেওঁলোক ৰাজনীতিৰ ক্ষেত্ৰত ভোটাতৰা হৈ জিলিকি উঠিছিল।