মুখ্য-পৃষ্ঠা

জীৱনতকৈ মূল্যবান টকা নেকি?- কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ নতুন যান-বাহন আইন জাৰি কৰাৰ পাছত যান-বাহন আইন উলংঘা কৰা সকলৰ বিৰুদ্ধে বিহা হৈছে বৃহৎ পৰিমানৰ জৰিমনা। এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে বাৰ্তালাপ। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কয় যে- যি কেইখন ৰাজ্য চৰকাৰে যান-বাহন আইনৰ জৰিমনাৰ হ্ৰাস কৰিব বিচাৰিছে তেওঁলোকে সেয়া কৰিব পাৰে। আমাৰ উদ্দেশ্য হ'ল দুৰ্ঘটনা কম কৰাৰ।

তেওঁ লগতে কয় – 'যিবোৰৰাজ্যত নতুন যান-বাহন আইন জাৰি কৰিব বিচৰা নাই তেওঁলোকৰ বাবে জীৱনতকৈ অধিকমূল্যবান টকা নেকি? মই জীৱন ৰক্ষা কৰাৰ সংকল্প লৈছিলো। আৰু এই নতুন যান-বাহন আইনেজীৱন ৰক্ষা কৰাৰ উদ্দেশ্যে জাৰি কৰা হছে। এইটো মোৰ প্ৰথম লক্ষ্য। কিন্তু মোক ৰাজ্যচৰকাৰৰো সহযোগৰ প্ৰয়োজন। এই সন্দৰ্ভত সকলো সিদ্ধান্ত দল বা ৰাজ্য চৰকাৰৰ উৰ্ধত হ'বলাগে।'