মুখ্য-পৃষ্ঠা

বিশ্বনাথত প্ৰতিষ্ঠানৰ পৰা চুৰি হোৱা মোবাইল ফোন উদ্ধাৰ, এজনক গ্ৰেপ্তাৰ

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ কোনো প্ৰতিষ্ঠানত নহয়, বিশ্বনাথ চাৰিআলি আৰক্ষী থানা মোবাইলৰ শ্ব'ৰুম। এই শ্ব'ৰুমত যিকোনো মোবাইলে আপুনি পাব। কী পেড মোবাইলেই হওঁক বা এণ্ড্ৰইড মোবাইলে হওঁক, আপোনাক যি মোবাইল লাগে সেই মোবাইলেই পাব বিশ্বনাথ আৰক্ষী থানাত। কিন্তু কেনেকৈ আহিল বিশ্বনাথ আৰক্ষী থানালৈ ইমানবোৰ মোবাইল ফোন?

দৰাচলতে, যোৱা ৮ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াৰ বিশ্বনাথ পাৱাৰ নামৰ ব্যৱসায় প্ৰতিষ্ঠান খনৰ পৰা চোৰে চাফাই অভিযান চলাই লৈ যায় প্ৰতিষ্ঠানখনৰ সকলো মোবাইল ফোন। কিন্তু বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ তত্বাৱধানত বিশ্বনাথৰ ডিএছপি মোজাফৰ হুছেইনৰ নেতৃত্বত এটি দলে এই সন্দৰ্ভত অভিযান চলাই ১২ ফেব্ৰুৱাৰীৰ নিশা তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে চুৰি কাৰ্য সংঘটিত কৰা মূল খলনায়ক ইক্ৰামুল হুছেইনক।

ধৃত ইক্ৰামুলৰ স্বীকাৰোক্তিৰ ভিত্তিতে শুকুৰবাৰে পুনৰ বিশ্বনাথ জিলাৰ ডিএছপি মোজাফৰ হুছেইনে ধৃত চোৰটোৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে এই মোবাইল ফোনসমূহ।