মুখ্য-পৃষ্ঠা

ভাৰতৰ পৰা বাংলাদেশত অবৈধভাৱে প্ৰৱেশ কৰিব খোজা লোকৰ সংখ্যা বৃদ্ধি পাইছেঃ NCRB

asomiyapratidin

ডিজিটেল ডেস্কঃ বাংলাদেশৰ পৰা ভাৰতলৈ নহয়, ভাৰতৰ পৰা বাংলাদেশলৈ অবৈধভাৱে প্ৰৱেশ কৰিব খোজা লোকৰ সংখ্যাহে দিনক দিনে বৃদ্ধি পাইছে। এই কথা আমি কোৱা নাই নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো চমুকৈ NCRBৰ শেহতীয়াকৈ প্ৰকাশ কৰা সমীক্ষাত আছে এই তথ্য। NCRBয়ে লগতে কৈছে যে, ভাৰতৰ পৰা বাংলাদেশত অবৈধভাৱে প্ৰৱেশ কৰিব খোজা লোকৰ সংখ্যা বিগত দিনত ৫০ শতাংশ বৃদ্ধি পাইছে।

NCRBৰ শেহতীয়াকৈ প্ৰকাশ কৰা তথ্যত কোৱা হৈছে, ২০১৭ চনত ভাৰত-বাংলাদেশৰ সীমান্তত BSFয়ে অবৈধভাৱে ভাৰতৰ পৰা বাংলাদেশত প্ৰৱেশ কৰিব খোজা ১৮০০ লোকক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু ২০১৮ চনত এই সংখ্যা বৃদ্ধি হৈ হৈছিলগৈ ২৯৭১। গ্ৰেপ্তাৰ কৰা এই লোকসকলৰ সৰহসংখ্যাকেই আছিল মহিলা আৰু শিশু।

NCRBৰ তথ্য মতে, ২০১৮ত বি এছ এফে গ্ৰেপ্তাৰ কৰা ২৯৭১ গৰাকী লোকৰ ভিতৰত ১৫৩২ জন পুৰুষ, ৭৪৯ গৰাকী মহিলা আৰু ৬৯০ টা শিশু। ইফালে বাংলাদেশৰ পৰা ভাৰতলৈ অহা লোকৰ সংখ্যা সামান্যভাৱে হ্ৰাস পাইছে। ২০১৭ চনত বাংলাদেশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিৰ খোজোতে গ্ৰেপ্তাৰ হৈছিল ১১৮০ গৰাকী আৰু ২০১৮ বৰ্ষত এই সংখ্যা সামান্য হ্ৰাস হৈ হৈছিলগৈ ১১১৮। NCRBৰ এই তথ্যক লৈ দেশৰ আগশাৰীৰ বাতৰিকাকত হিন্দুস্থান টাইমছে মতপোষণ কৰিছে যে, ই এই তথ্যক ভিত্তি কৰি কব পৰা নাযায় অবৈধভাৱে সীমান্ত পাৰ হ'ব খোজা সকলৰ উদ্দেশ্য আচলতে কি!