মুখ্য-পৃষ্ঠা

আদালত অৱমাননা অভিযোগত দোষী সাব্যস্ত প্ৰশান্ত ভূষণ, ২০আগষ্টত বিচাৰপীঠে দিব শাস্তিৰ ৰায়…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক আদালত অৱমাননাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে দেশৰ সবোচ্চ ন্যায়ালয়ৰ লগতে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে টুইটাৰযোগে মন্তব্য কৰিছিল।

ন্যায়াধীশ অৰুণ মিশ্ৰ, ন্যায়াধীশ কৃষ্ণ মুৰাৰী আৰু ন্যায়াধীশ বি আৰ গহ্বৰেৰে গঠিত বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তগৰাকীক আদালতে দোষী সাব্যস্ত কৰে। ২০ আগষ্টত এই অভিযোগত দোষী সাব্যস্ত অধিবক্তাগৰাকীৰ কি শাস্তি হব এই সম্পৰ্কত ৰায় প্ৰদান কৰিব বিচাৰপীঠে।

ন্যায়ালয়ত দিয়া উত্তৰত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কৈছিল যে, মুখ্য ন্যায়াধীশৰ সন্দৰ্ভত আলোচনা কৰাটোৱে আদালতৰ ভাৱমূৰ্তিত কোনো প্ৰভাৱ নেপেলায়। এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে ১৪০ পৃষ্ঠাৰ এখন শপতনামাও দাখিল কৰিছে।