মুখ্য-পৃষ্ঠা

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্বাচনৰ দৌৰত আছে একাধিক নেতা, দিল্লীৰ মুখ্য কাৰ্যালয়ত মনোনয়ন দাখিল পৰ্ব…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদৰ বাবে সোমবাৰে অনুষ্ঠিত হ'ব মনোনয়ন দাখিল পৰ্ব। ২০১৯ৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰি অমিত শ্বাহে কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ পদক লৈ আৰম্ভ হৈছিল জল্পনা কল্পনাৰ।

ইতিমধ্যে বিজেপিৰ জ্যেষ্ঠ নেতা জে পি নড্ডা দলৰ অধ্যক্ষ হিচাপে প্ৰায় নিশ্চিত হৈছে যদিও আনুষ্ঠানিকতা অনুসৰি সোমবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে মনোয়ন দাখিল পৰ্ব। বিজেপি নেতা দুশ্যন্ত গৌতমে জানিবলৈ দিয়া মতে, জে পি নড্ডাই দলৰ পৰৱৰ্তী অধ্যক্ষ পদৰ প্রথম পচন্দ যদিও তেওঁৰ বাহিৰেও এজন বা দুজন নেতাই অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিলৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যদি জে পি নড্ডাৰ বাহিৰেও আন কোনোৱে মনোনয়ন দাখিল কৰে, তেন্তে মঙলবাৰে নিৰ্বাচনৰ জৰিয়তে অধ্যক্ষ বাচনি কৰা হ'ব বুলিও জানিবলৈ দিয়ে বিজেপি নেতাগৰাকীয়ে।

ইফালে, সোমবাৰে মনোনয়ন দাখিল পৰ্বৰ সময়ত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নিতীন গাডকাৰীৰ লগতে বিজেপিৰ ভালেকেইজন শীৰ্ষ নেতা। সন্ধিয়ালৈ দলৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোডীয়েও বিজেপিৰ নৱ নিৰ্বাচিত অধ্যক্ষগৰাকীক অভিবাদন জনাব বুলি জানিব পৰা গৈছে।