মুখ্য-পৃষ্ঠা

প্ৰধানমন্ত্ৰীয়ে কৃষকৰ সমস্যা বুজি এটা সমাধান দিয়া উচিতঃ কৃষি আইনৰ সম্পৰ্কত ৰাহুল গান্ধী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱৰ কৃষকৰ ক্ষোভ এতিয়াও স্তিমিত হোৱা নাই। এই আইনৰ বিৰুদ্ধে পঞ্জাৱৰ কৃষক সকলে নিৰন্তৰ বিদ্ৰোহ প্ৰদৰ্শন কৰি আছে। বিপক্ষ দল সমূহেও এই আইনৰ সম্পৰ্কত নিজৰ বিৰোধ স্থিতি বাহাল ৰাখিছে। কংগ্ৰেছ দলৰ পূৰ্বৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে আকৌ চৰকাৰক সমালোচনা কৰি কয় যে, পঞ্জাৱৰ কৃষক প্ৰধানমন্ত্ৰীক সম্পৰ্কত খঙত আছে। প্ৰধানমন্ত্ৰী মোডী তেওঁলোকৰ কাষলৈ গৈ তেওঁলোকৰ কথা শুনাৰ প্ৰয়োজন আছে।

আইনখনৰ সম্পৰ্কত প্ৰধানমন্ত্ৰী স্থিতি দেখি ৰাহুল গান্ধীয়ে টুইট কৰিছে যে, কালি পঞ্জাৱত এয়া হল। খুব দুখৰ কথা যে কৃষকসকল তেওঁৰ প্ৰতি ক্ষোভিত। প্ৰধান মন্ত্ৰীয়ে তেওঁলোকৰ কথা শুনা উচিত আৰু তেওঁলোকক এটা পতিয়মান সমাধান দিয়া উচিত বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে।