মুখ্য-পৃষ্ঠা

এখন চিনেমাকে ২৫ বাৰকৈ চাইছিল বাজপেয়ীয়ে

asomiyapratidin

ডিজিটেল ডেস্কঃ এজন ৰাজনীতিবিদ হিচাপে ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিটো দিনতে আছিল ভীষণ ব্যস্ততা। সেই ব্যস্ততাৰ মাজতো সময় উলিয়াই বাজপেয়ীয়ে শুনিছিল কেইটামান বিশেষ গান আৰু উপভোগ কৰিছিল কেইখনমান প্ৰিয় বোলছবি।

বাজপেয়ীৰ প্ৰিয় হিন্দী চিনেমা আছিল ৩ খন। সেইকেইখন হৈছে দেৱদাস, বন্দগী আৰু কচম। তেও প্ৰায়ে চোৱা ইংৰাজী ছবি কেইখন হল 'দ্য ব্ৰিজ অন দা ৰিভাৰ' আৰু 'গান্ধী'। এছ ডি বৰ্মনে কম্প'জ কৰা গীত 'অ' ৰে মান্সী' আৰু লতা মংগেশকাৰ আৰু মুকেশে কন্ঠদান কৰা 'কভী কভী মেৰে মন' এই গীত দুটা আছিল বাজপেয়ীৰ প্ৰিয়গীত।

বলীউদৰ মোহময়ী অভিনেত্ৰী হেমামালিনী আৰু অভিনেতা দিলীপ কুমাৰ, দেৱানন্দ আছিল তেওৰ প্ৰিয় অভিনেতা। হেমামালিনীৰ 'সীতা অউৰ গীতা' ছবিখন বাজপেয়ীয়ে ২৫ বাৰ চাইছিল বুলি হেমামালিনীয়ে নিজে এক সভাত কৈছিল।