মুখ্য-পৃষ্ঠা

বিজয়া দশমীৰ নিশা অগ্নিকাণ্ডঃ ৪০ টা কাঠৰ আচবাবৰ গুদাম ভস্মিভূত…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱান্দিত সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ড।বিজয়া দশমীৰ নিশা প্ৰায় ১১ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ভস্মিভূত হৈছে ৪০ টাকৈ কাঠৰ আচবাবৰ গুদাম।

জানিব পৰা মতে শুকুৰবাৰে নিশা কাশেলী টোল প্লাজাৰ ওচৰৰ মহালক্ষ্মী আচবাব বজাৰত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত সম্পূৰ্ণকৈ জুইত জাহ গৈছে ৪০ টা কাঠৰ আচবাবৰ গুদাম।এই ঘটনাৰ ফলত কোনো লোক হাতহতি হোৱাৰ খবৰ লাভ কৰা নাই।

অগ্নিনিৰ্বাচক বাহিনীয়ে বহু সময় ধৰি অগ্নি নিৰ্বাপনৰ চেষ্টা কৰি পুৱা প্ৰায় ৫ বাজত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত কিমান টকাৰ সম্পত্তিৰ ভস্মিভূত হ'ল তাৰ কোনো সঠিক তথ্য এতিয়ালৈকে লাভ কৰা নাই যদিও বহু কোটি টকৰা যে সম্পত্তি ভস্মিভূত হৈছিল সেয়া নিশ্চিত বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত।