মুখ্য-পৃষ্ঠা

সন্ত্ৰাসবাদী সকলো শিক্ষিত, কিন্তু মূল্যবোধৰ পাৰ্থক্যৰ বাবেই সিহঁতে মানুহ হত্যা কৰেঃ ৰাজনাথ সিং

asomiyapratidin

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী সকলো শিক্ষিত হয়। কিন্তু মূল্যবোধৰ পাৰ্থক্যৰ বাবে সিহঁতে মানুহ হত্যা কৰে। -বৃহস্পতিবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

বৃহস্পতিবাৰে হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাত এক জনসভা সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ সুৰক্ষাৰ দিশত কেন্দ্ৰীয় চৰকাৰ সদায় সষ্টম বুলি মন্তব্য কৰে। সন্ত্ৰাসবাদক প্ৰতিহত কৰিবলৈ বিজেপি চৰকাৰে নতুন ধৰণে আগবাঢ়িছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, 'সন্ত্ৰাসবাদী সকলো অশিক্ষিত নহয়। সিঁহত গ্ৰেজুৱেট আৰু কাৰিকৰী ডিগ্ৰীধাৰী হয়। সিহঁতো যুৱ শক্তি আৰু জীৱনত কিবা এটা কৰাৰ উদ্যম ৰাখে। কিন্তু মূল্যবোধৰ পাৰ্থক্যৰ বাবেই সিঁহতে মানুহ হত্যা কৰে।'