মুখ্য-পৃষ্ঠা

বিজয়া দশমীত আক্ৰমণৰ ষড়যন্ত্ৰঃ লস্কৰ-ই- তৈবাৰ ৩ সদস্যক আটক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ জনতা ব্যস্ত শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উপভোগ কৰাত । তাৰ মাজতে তেলেংগানাত দেওবাৰে লস্কৰ-ই- তৈবা সংগঠনৰ সদস্যৰ সন্দেহত আৰক্ষীয়ে আটক কৰে ৩জন যুৱকক । জানিবলৈ পোৱা মতে উক্ত ৩ সদস্যই বিজয়া দশমীত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছিল।

আৰক্ষীয়ে আটক কৰা সদস্য কেইগৰাকীৰ পৰা নগদ ৪ লাখ টকা,৪টা গ্ৰেণেড,আপত্তিজনক নথি-পত্ৰ আদি উদ্ধাৰ কৰে।

উল্লেখ্য যে হাইদৰাবাদৰ নিকটৱৰ্তী অঞ্চলৰ পৰা আটক কৰা সদস্য কেইগৰাকীৰ নাম মহম্মদ আব্দুল জেহাদ, মহম্মদ চমিউদ্দিন মাজ হাচান ফাৰুক।