মুখ্য-পৃষ্ঠা

ধৰ্ষণকাৰীক শাস্তিৰ বাবে জনতাৰ হাতত গতাই দিব লাগেঃ জয়া বচ্চন

asomiyapratidin

ডিজিটেল ডেস্কঃ 'ধৰ্ষণকাৰীসকলক শাস্তিৰ প্ৰদানৰ বাবে জনতাক গতাই দিয়া উচিত। এয়াই তেনে ধৰ্ষণকাৰীসকলৰ বিৰুদ্ধে উচিত ন্যায় হ'ব।' – এই মন্তব্য কৰে সমাজবাদী পাৰ্টীৰ ৰাজ্যসভা সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনে। হায়দৰাবাদৰ চিকিৎসক যুৱতী ধৰ্ষণ আৰু হত্যাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি সোমবাৰে ৰাজ্যসভাত এইদৰে ধৰ্ষণকাৰীসকলক জনতাৰ সন্মুখত এৰি দিয়াৰ পোষকতা কৰে সাংসদগৰাকীয়ে।

হায়দৰাবাদ কাণ্ডক লৈ সোমবাৰে ৰাজ্যসভাত তীব্ৰ চৰ্চা চলাৰ সময়তে সাংসদ জয়া বচ্চনে কয়, 'যি ঠাইত এই ঘটনা সংঘটিত হৈছে, তাত এদিন পূৰ্বেও তেনে ঘটনা সংঘটিত হৈছিল। সেই অঞ্চলৰ নিৰাপত্তা বিষয়াৰ এতিয়াও কিয় এনে ধৰ্ষণ কাণ্ডৰ ঘটনাক লৈ উত্তৰ বিচৰা হোৱা নাই? নিৰাপত্তা বিষয়াই অঞ্চলৰ নিৰাপত্তা প্ৰদানত গাফিলতি কৰিছে। তেওঁ তেওঁৰ কৰ্তব্য পালনত গাফিলতি কৰিছে। তেওঁক এই বিষয়ে প্ৰশ্ন কৰি উত্তৰ বিচৰা উচিত।' জয়া বচ্চনে কয়, 'এয়া অতি কঠিন হ'ব, কিন্তু ধৰ্ষণকাৰীসকলক জনতাৰ হাতত গতাই দিয়া উচিত। যাতে জনতাই উচিত শাস্তি প্ৰদান কৰে।'

উল্লেখ্য যে, ৰাজ্যসভাত সোমবাৰে হায়দৰাবাদ কাণ্ডক সাংসদসকলে গৰিহণা দিয়াৰ লগতে এই চৰ্চাত নিৰ্ভয়া কাণ্ডৰো উল্লেখ কৰে। লগতে এনে ধৰ্ষণকাণ্ডৰ ৰায় সোনকালে হোৱা উচিত বুলিও মন্তব্য কৰে সাংসদসকলে। নিৰ্ভয়া কাণ্ডৰ ৭ বছৰ পিছতো অভিযুক্ত সকলক ফাঁচী প্ৰদান কৰা নোহোৱাৰ বিষয়ে উল্লেখ কৰি সাংসদসকলে কয় যে পলমকৈ লাভ কৰা ন্যায় অন্যায়ৰ দৰেই হৈ পৰে।