মুখ্য-পৃষ্ঠা

মৃত্যু পাছতহে গম পোৱা গ’লঃ তেলেংগানাত মৃত্যু হোৱা বৃদ্ধ আক্ৰান্ত হৈছিল কোৰোনাত…

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে তেলেংগানাত মৃত্যু হৈছিল এগৰাকী ৭৪ বছৰীয়া লোকৰ। প্ৰথমে সকলোৱে এই মৃত্যুক স্বাভাৱিক বুলি যদিও শেহতীয়াকৈ পোহৰলৈ আহিছে যে, আচলতে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছিল ব্যক্তিগৰাকী। অসুস্থ লোকগৰাকীৰ মৃত্যুৰ ৩ দিনৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰিছিল যদিও, সেই পৰীক্ষা ৰিৰ্পট মৃত্যুৰ পিছতহে পৰিয়ালৰ হাতত পৰেহি।

চিকিৎসালয়তে মৃত্যু হোৱা ব্যক্তি গৰাকীৰ মৃতদেহ পৰিয়ালক চমজি নিদি প্ৰশাসনে শেষকৃত্য সম্পন্ন কৰে। শেহতীয়াকৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশ্বেখৰে ঘোষণা কৰে যে, কোৰোনাত আক্ৰান্ত হৈ তেলেংগানাত মৃত্যু হোৱা এই ব্যক্তিগৰাকী হৈছে প্ৰথম। উল্লেখ্য যে, তেলেংগানাত মুঠ ৭০ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ অৱস্থিতি।