মুখ্য-পৃষ্ঠা

পিয়াজৰ মালা পিন্ধি নিৰ্বাচনী প্ৰচাৰত তেজস্বী যাদৱ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনত জেডিইউ আৰু বিজেপিৰ মহাজোঁটক চৰকাৰক সঁকীয়নি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় জনতা দলৰ নেতৃত্ব দিছে তেজস্বী যাদৱে। চলিত নিৰ্বাচনত মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু দুৰ্বল অৰ্থ ব্যৱস্থাক মূখ্য বিষয় হিচাপে উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে, বৰ্তমান সমগ্ৰ দেশত পিয়াজৰ মূল্য প্ৰতিকিলোত ১০০ টকাতকৈয়ো বৃদ্ধি পাইছে আৰু বিষয়টোৰ সন্দৰ্ভত সোমবাৰে তেজস্বী যাদৱে কেন্দ্ৰ চৰকাৰে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে।পিয়াজৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি তেজস্বী যাদৱে প্ৰচাৰ মাধ্যমৰ সমূখলৈ পিয়াজৰ মালা পিন্ধি অহা পৰিলক্ষিত হয়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক তেওঁ কয় যে, বৰ্তমান দেশত মূল্যবৃদ্ধি সকলোতকৈ ডাঙৰ সমস্যা। এসময়ত মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত বিজেপিৰ লোকসকলে পিয়াজৰ মালা পিন্ধিছিল। কিন্তু এতিয়া তেওঁলোকৰ চৰকাৰৰ দিনতে মূল্য ১০০ টকাৰ উৰ্ধত।

ইয়াৰোপৰি সংস্থাপনহীনতা, খাদ্যসংকট বৃদ্ধি পাইছে, সৰু ব্যৱসায়ী সকলৰ নিঃশেষপ্ৰায় ব্যৱসায়, দৰিদ্ৰতা বৃদ্ধি, জিডিপি নিম্নগামী আদি বিষয় উল্লেখ কৰি তেওঁ কয় যে দেশবাসী এতিয়া ভীষণ অৰ্থসংকটৰ গৰাহত।তেওঁ বিহাৰৰ মূখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু মোডী চৰকাৰক মূল্যবৃদ্ধি সম্পৰ্কত কিয় নিমাত বুলিও প্ৰশ্ন উত্থাপন কৰিছে।