মুখ্য-পৃষ্ঠা

চাহ বাগিচা উচ্ছেদৰ প্ৰতিবাদত চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল সংবাদ,নগাঁও: কাছাৰ জিলাৰ ডলু চাহ বাগিচাৰ চাহ শ্ৰমিকৰ ম্যাদি ভূমি উচ্ছেদ কৰাৰ প্ৰতিবাদত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাওঁ জিলা সমিতিয়ে বুধবাৰে নগাঁৱত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতি , নগাঁও জিলা সমিতি উদ্যোগত ছাত্ৰ ছাত্ৰী আৰু মহিলা সকলে নগাঁও চহৰৰ নেহেৰুবালিৰ পৰা সমদল কৰি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰী সকলে ডলু চাহ বাগিচাৰ উচ্ছেদ বন্ধ কৰক , চাহ শ্ৰমিকৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰক , উন্নয়ন তথা বিকাশৰ নামত চাহ বাগিচা ধ্বংস কাৰ্য বন্ধ কৰক , বিজেপি গ'বেক , চাহ শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত কৰক আদি বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে । ধৰ্ণা কাৰ্যসূচীৰ অন্তত চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাওঁ জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ নায়ক আৰু সম্পাদক ধীৰাজ নায়কৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ চাহ বাগিচাৰ উচ্ছেদ বন্ধ কৰাকে ধৰি কেবাটাও দাবীত নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।