মুখ্য-পৃষ্ঠা

নানা পাটেকাৰক ক্লীন শ্বীটঃ কি ক’লে তনুশ্ৰী দত্তাই

asomiyapratidin

ডিজিটেল ডেস্কঃ নানা পাটেকাৰৰ বিৰুদ্ধে অভিনেত্ৰী তনুশ্ৰী দত্তাই তোলা যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্ত চলাই মুম্বাই আৰক্ষীয়ে অভিনেতাজনৰ বিৰুদ্ধে কোনো তথ্য প্ৰমাণ লাভ নকৰা বুলি বৃহস্পতিবাৰে আদালতক অৱগত কৰে। ইয়াৰ পিছতে আৰক্ষীৰ তদন্ত আৰু ন্যায়িক তদন্তৰ প্ৰতি সন্দেহৰ আঙুলি টোঁৱাইছে অভিনেত্ৰী তনুশ্ৰী দত্তাই।

বৃহস্পতিবাৰে আবেলি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত তনুশ্ৰী দত্তাই অভিযোগ উত্থাপন কৰি কয় যে নানা পাটেকাৰৰ বিৰুদ্ধে তদন্ত চলোৱা আৰক্ষীৰ দলটো দুৰ্নীতিগ্ৰস্থ আছিল। তেওঁ কয়, 'এটা দুৰ্নীতিগ্ৰস্থ আৰক্ষী বাহিনী আৰু ন্যায় ব্যৱস্থাই তাতকৈও অধিক দুৰ্নীতিগ্ৰস্থ এজন অভিনেতা নানা পাটেকাৰক ক্লীন শ্বিট দিছে।'

বলীউডৰ কেইবাগৰাকীও মহিলাক নানা পাটেকাৰে শাৰিৰীক, মানসিকভাৱে নিৰ্যাতন চলাই আহিছে বুলি অভিযোগ কৰি তনুশ্ৰী দত্তাই কয় যে নানা পাটেকাৰৰ বিৰুদ্ধে বলীউডৰ কেইবাগৰাকীও মহিলাক ভয়, ভাবুকি আৰু প্ৰতাৰণাৰ অভিযোগ আছে। তাৰ পিছতো এনে এজন লোকক আৰক্ষীয়ে ক্লীন শ্বীট প্ৰদান কৰাটো আশ্বৰ্যকৰ বিষয় বুলি ব্যক্ত কৰি তনুশ্ৰী দত্তই এয়া কেৱল দুৰ্নীতিপৰায়ন আৰক্ষী বাহিনীৰ তদন্ত বাহিনীয়ে প্ৰদান কৰিব পাৰে বুলি অভিযোগ কৰে।

উল্লেখ্য যে, 'মি টু' অভিযানৰ আৰম্ভণিৰে তনুশ্ৰী দত্তাই নানা পাটেকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল যে ১০ বছৰ পূৰ্বে 'হৰ্ণ অকে প্লীজ' নামৰ ছবিখনৰ শ্বুটিঙৰ সময়ত তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল সহ অভিনেতাগৰাকীয়ে। আনহাতে তনুশ্ৰী দত্তৰ এই অভিযোগ সম্পূৰ্ণৰূপে খাৰিজ কৰাৰ বাবে এনে অভিযোগৰ বাবে লিখিতভাৱে ক্ষমা খোজৰ বাবে দাবী জনাইছিল অভিনেতা নানা পাটেকাৰে।