মুখ্য-পৃষ্ঠা

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জন্মদিনঃ মুক্তি পাব ৭০০ আজীৱন কাৰাবন্দীয়ে, প্ৰত্যাহাৰ হ’ব কা বিৰোধী আন্দোলনৰ ৫৫৭০টা গোচৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত চি এন এনাডুৰাইৰ জন্মদিন দেশত প্ৰথমবাৰৰ বাবে কোনো প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জন্ম দিৱসে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত বৃহত সংখ্যক কাৰাবন্দীৰ জীৱনলৈ বিৰল সৌভাগ্য কঢ়িয়াই আনিছে। যি সৌভাগ্যৰ বলতে অহা বুধবাৰে(১৫ছেপ্তম্বৰ) তামিলনাডুৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৭০০কাৰাবন্দীক মুকলি কৰি দিয়া হব।

ইতিমধ্যে ৰাজ্যখনৰ ডি এম কে চৰকাৰৰ মুখ্যমন্ত্ৰী এম কে ষ্ট্ৰালিনে এই কথা ঘোষণা কৰাৰ লগতে বন্দী সকলৰ মুক্তিৰ আনুষ্ঠানিক প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰি তুলিছে। বন্দীৰ এনে মুক্তিৰ সন্দৰ্ভত নিজৰ চৰকাৰৰ স্থিতি স্পষ্ট কৰি তেওঁ কয় যে, মানৱীয়তাৰ দৃষ্টিকোণ আৰু শুধৰণিৰ বাবে সদিচ্ছা প্ৰকাশ কৰিয়ে এনে সিদ্ধান্ত লোৱা হৈছে।

কেৱল সেয়ে নহয়। এই দিৱসৰ লগত সংগতি ৰাখিয়ে ৰাজ্যখনৰ কা বিৰোধী আন্দোলনৰ লগতে বিশেষ কেইটামান প্ৰকল্পবিৰোধী আন্দোলনত জড়িত লোকৰ বিৰুদ্ধে ৰুজু কৰা ৫৫৭০টা গোচৰ প্ৰত্যাহাৰ কৰা সিদ্ধান্তও মুখ্যমন্ত্ৰী ষ্ট্ৰালিনে ঘোষণা কৰিছে।