মুখ্য-পৃষ্ঠা

কা, এন আৰ চি আৰু এন পি আৰৰ বিৰুদ্ধে তামিলনাডুত প্ৰতিবাদ

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ কোনো কোনো প্ৰান্তত প্ৰায় নোহোৱাৰ দৰে হৈছে যদিও এতিয়াও কিছু প্ৰান্তত অব্যাহত আছে কা বিৰোধী প্ৰতিবাদ। তামিলনাডুত বৃহস্পতিবাৰে বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে কেবাহাজাৰ লোকে। বৰ্তমান তামিলনাডু সচিবালয়ৰ দিশে ৰাওনা হৈছে কেবাহাজাৰ প্ৰতিবাদকাৰী।

ৱালাজাহ ৰোডৰ পৰা কা, এন আৰ চি আৰু এন পি আৰৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বহুলোকে। যাৰ পৰিপ্ৰেক্ষিতত সচিবালয়ৰ সন্মুখত কটকয়ীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। উল্লেখ্য যে, কা, এন আৰ চি আৰু এন পি আৰ কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।