মুখ্য-পৃষ্ঠা

চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ! ১৬ জনক গ্ৰেপ্তাৰ এন আই এৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে দেশ বিৰোধী কাৰ্যকালৰ সংঘটিত কৰাৰ অপৰাধত ১৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এন আই এয়ে। শনিবাৰে সংস্থাটোৱে মাদুৰাই, থেনী, নেলাই আদি কেইবাটাও স্থানত তালাচী চলাই ১৬ জনকৈ দেশ বিৰোধী কাৰ্যকলাপ সংঘটিত কৰা লোক কেইজনক গ্ৰেপ্তাৰ কৰে।

এন আই এৰ এক গোপন সূত্ৰৰ খবৰ অনুসৰি অপৰাধী কেইজনে অঞ্চাৰুল্লা নামৰ এক সন্ত্ৰাসবাদী সংগঠনৰ জৰিয়তে ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। এন আই এয়ে শনিবাৰে এই সংগঠনটোৰে জড়িত হাছান আলী ইউনুছমৰিকৰ আৰু হৰিশ মহম্মদৰ তামিলনাডুৰ নাগাপট্টিনমস্থিত বাসগৃহত তালাচী চলায়। ইয়াৰ পিছতে সন্ত্ৰাসবাদী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অন্য স্থান সমূহত তালাচী চলাই অপৰাধী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।