মুখ্য-পৃষ্ঠা

বিশ্বৰ সবাতোকৈ ওখ আৰক্ষী কনিষ্টবল জন…সবিশেষ

asomiyapratidin

ডিজিটেল ডেস্কঃ তেওৰ ঘৰ পঞ্জাৱত। চাকৰি কৰে পঞ্জাৱ আৰক্ষীৰ। বিগত ২০ টা বছৰ ধৰি তেও কনিষ্টবলৰ চাকৰিত নিয়োজিত। এই লোকজনৰ নাম জগদ্বীপ সিং। সকলো সাধাৰণ যেন লাগিলেও আন ১০ জন আৰক্ষীৰ দৰে তেও জীৱন নহয়। ইয়াৰ কাৰণো আছে।

বিগত ২০ টা বছৰ ধৰি আৰক্ষী বিভাগত নিয়োজিত জগদ্বীপ সিঙৰ উচ্চতা হৈছে ৭ ফুট ৬ ইঞ্চি, ওজন ১৯০ কি:গ্ৰাম। তেওৰ জোতাৰ জোখ হৈছে ১৯। এই বিশালাকায় আৰক্ষী কনিষ্টবলজন হৈছে বিশ্বৰ সবাতোকৈ ওখ আৰক্ষীৰ লোক। ইয়াৰ পূৰ্বে এই স্বীকৃতি লাভ কৰিছিল হাৰিয়ানাৰ ৰাজেশ কুমাৰে। তেওৰ উচ্চতা আছিল ৭ ফুট ৪ ইঞ্চি।

বিশ্বৰ সবাতোকৈ ওখ আৰক্ষীৰ লোক হিচাপে স্বীকৃতি লাভ কৰা জগদ্বীপ সিঙে সংবাদমাধ্যমৰ সন্মুখত মনৰ ভাৱ ব্যক্ত কৰি কয়- 'ওখ হোৱাৰ বাবে তেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু এই স্বীকৃতি লাভ কৰাৰ বাবে মই গৰ্বিত। আন সাধাৰণ মানুহৰ দৰে মই কিছুমান কাম কৰিব নোৱাৰো। মোৰ জোতা মই মই ভাৰতত নাপাও, অন্যদেশৰ পৰা আনিব লগা হয়। ইয়াৰ উপৰিও মনৰ পছন্দৰ কাপোৰো মই পিন্ধিব নোৱাৰো। গা ধোৱাৰ পৰা আদি কৰি চলাফুৰা কৰাৰ ক্ষেত্ৰত জগদ্বীপে সন্মুখীন হোৱা অসুবিধাবোৰ ক'লে এনদৰে-

https://www.facebook.com/jagdeep.bajwa.129/videos/1856847987711911/?t=4

সকলো অসুবিধাৰ মাজতে ওখ হোৱাৰ জগদ্বীপ সন্মুখীন হৈছিল আন এক বিপদৰ। ওখ হোৱাৰ বাবে তেওৰ সৈতে কোনো বিয়া কৰাবলৈ ৰাজী হোৱা নাছিল। কিন্তু অৱশেষত তেওৰ বিয়া কৰাইছিল সুখবীৰ কৌৰ নামৰ এগৰাকী যুৱতীক।

পত্মীৰ উচ্চতা হৈছে ৫ ফুট ১১ ইঞ্চি। সংবাদ মাধ্যমৰ সন্মুখত পত্নী সুখবীৰে কয়- আমি যেতিয়া ওলাই যাও চেলিব্ৰেটী নিচিনা লাগে। মানুহে আমাৰ সৈতে চেলফী তুলিবলৈ হেতা-ওপৰা কৰে।'