মুখ্য-পৃষ্ঠা

কোৰোনা মহামাৰীৰ মাজতে পৰ্যটকৰ বাবে পুনৰ খোলা হ’ল তাজমহল…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। অৱশ্যে তাৰ মাজতে সোমবাৰৰ পৰা দেশৰ বহু কেইজন ৰাজ্যৰ বিদ্যালয়সমূহ খোলা হৈছে। ইফালে, বিশ্বৰ ৭ আচৰিত বস্তুৰ ভিতৰৰ এটা তাজমহল খুলি দিয়া হৈছে পৰ্যটকৰ বাবে।

মাৰ্চ মাহৰ পৰা লকডাউন জাৰি কৰাৰ বাবে বন্ধ হৈ আছিল তাজমহল। কিন্তু ২১ ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰে পুনৰ তাজমহল খুলি দিয়া হৈছে পৰ্যটকসকলৰ বাবে। উল্লেখ্য যে, দেশত বহু শিথিলতা আৰু বিদ্যালয় খোলা হৈছে যদিও, সোমবাৰলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৪ লক্ষাধিকলৈ বৃদ্ধি পাইছে।