মুখ্য-পৃষ্ঠা

এসময়ত দেশ কপোঁৱা প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টি এন শেষাণ আৰু নাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ টি এন শেষাণ আৰু নাই। দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে ১৯৯০চনৰ ১২ ডিচেম্বৰৰ পৰা ১৯৯৬চনৰ ১৬ ডিচেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰিছিল শেষাণে। অতি কঠোৰ প্ৰশাসক হিচাপে দেশৰ নিৰ্বাচনী সংস্কাৰৰ হকে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে চৰ্চালৈ আহিছিল এইগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত।

১৯৫৫চনত ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰিছিল শেষাণে। কেবিনেট ছেক্ৰেটাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰা শেষাণৰ জন্ম হৈছিল কেৰালাৰ তিৰুনেলীত। ১৯৩২চনত জন্মগ্ৰহণ কৰা শেষাণ আছিল পদাৰ্থ বিজ্ঞানত স্নাতক।

তিনি বছৰ তেওঁ প্ৰথম মাদ্ৰাছ খ্ৰিষ্টিয়ান কলেজত ডেমনষ্ট্ৰেট'ৰ হিচাপে কাম কৰিছিল। পৰৱৰ্তী সময়ত ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰা শেষাণে ৰমন মেগাছিয়াছ বঁটাও লাভ কৰিছিল। মৃত্যুৰ সময়ত শেষাণৰ বয়স হৈছিল ৮৭ বছৰ।