মুখ্য-পৃষ্ঠা

প্ৰতিলিটাৰ গাখীৰ ৫ টকাতে পাব! কিন্তু নিকিনিব, কিয়নো…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভেজাল সামগ্ৰীৰে ভৰি পৰিছে বজাৰ। ছিনথেটিক চাউল, বন্ধাকবি, কণীৰ পাছত বজাৰলৈ আহিছে ছিনথেটিক গাখীৰ। গাখীৰ নহ'লে ঘৰ নচলে। পুৱা চাহ কাপৰ পৰা আৰম্ভ কৰি হোটেলৰ মিঠাই, সুস্বাস্থ্যৰ বাবে এগিলাচ গাখীৰ নহ'লেই নচলে।

পিছে সাৱধান। গাখীৰ ক্ৰয় কৰাৰ আগতে এই কথাও মনত ৰাখিব- কোনোবাই আপোনাক বিক্ৰী কৰিব পাৰে ছিনথেটিক গাখীৰ। ধৰা পৰিছে তেনে এক চক্ৰ। এই বৃহৎ চক্ৰটোৱে ৬খন ৰাজ্যলৈ যোগান ধৰিছিল ছিনথেটিক গাখীৰ।

ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৫৫জনকৈ লোক। তিনিটাকৈ ফেক্টৰী স্থাপন কৰি উৎপাদন কৰিছিল 'হাইলী টক্সিক ছিনথেটিক মিল্ক'। মধ্যপ্ৰদেশৰ গোৱালিয়াৰৰ চাম্বালাত অভিযান চলাই আৰক্ষীয়ে এই চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হৈছে।

মধ্যপ্ৰদেশৰ পৰা ৬খন ৰাজ্যত তেওঁলোকে যোগান ধৰিছিল এই গাখীৰ। সেই ৰাজ্য কেইখন আছিল- উত্তৰপ্ৰদেশ, ৰাজস্থান, দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ। এই অভিযান চলোৱা আৰক্ষীৰ বিশেষ দলৰ অধীক্ষক ৰাজেশ ভাদৰীয়াই জানিবলৈ দিয়া মতে, তেওঁলোকে ১০ হাজাৰ লিটাৰ গাখীৰ জব্দ কৰাৰ লগতে ৫০০ কেজি সন্দেহজনক মাৱা, ২০০ কেজি ছিনথেটিক কণীও জব্দ কৰিছে।

২০খন টেংকাৰ আৰু ১১খন পিকআপ ভান জব্দ কৰিছে অভিযানকাৰী দলটোৱে। এই গাখীৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ, জুলীয়া ডিটাৰ্জেন, ৰিফাইন তেল আৰু গ্লুক'জ পাউদাৰো এই ফেক্টৰীসমূহৰ পৰা জ্বদ কৰা হৈছে।

এক লিটাৰ গাখীৰ প্ৰস্তুত কৰিবলৈ তেওঁলোকে ৩০ শতাংশ প্ৰকৃত গাখীৰ ব্যৱহাৰ কৰি বাকীবোৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰেৰে এই ছিনথেটিক গাখীৰ প্ৰস্তুত কৰিছিল। ৰিফাইন তেল, জুলীয়া ডিটাৰ্জেন, বগা ৰং, পাউডাৰ ব্যৱহাৰেৰে প্ৰস্তুত কৰিছিল এই গাখীৰবোৰ।

প্ৰতিলিটাৰ ছিনথেটিক গাখীৰ প্ৰস্তুত কৰোতে ৫ টকাকৈ ব্যয় হৈছিল বুলি আটক কৰা এই ছিনথেটিক গাখীৰৰ সৈতে জড়িত চক্ৰটোৱে জানিবলৈ দিছে। বজাৰত তেওঁলোকে প্ৰতিলিটাৰ গাখীৰ ৪৫-৫০ টকা দৰত বিক্ৰী কৰিছিল। ২৪ ঘণ্টাই তেওঁলোকৰ ফেক্টৰীত ২ লাখ লিটাৰ পৰ্যন্ত গাখীৰ উৎপাদন কৰিছিল চক্ৰটোৱে।