মুখ্য-পৃষ্ঠা

ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত যোৰহাটৰ খেলুৱৈৰ সফলতা

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাটঃ ওড়িষ্যাৰ ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামৰ বিজু পাটনায়ক ছুইমিং পুলত অনুষ্ঠিত ৩৯ সংখ্যক ছাব-জুনিয়ৰ আৰু ৪৯ সংখ্যাক জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমত প্ৰতিনিধিত্ব কৰা অসম সাঁতোৰ সন্থা দলত যোৰহাট ছুইমিং ছ'চাইটিৰ পৰা ১৩ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰি সফলতা কঢ়িয়াই আনিছে।

ব্যক্তিগত ভাৱে শুভ্ৰাংসিনি প্ৰিয়দৰ্শিনীয়ে ১০০ মিটাৰ বাটাৰ ফ্লাইত সোণৰ পদক আৰু ২০০ মিটাৰ ইণ্ডিভিজুৱেল মেডলীত ব্ৰঞ্জৰ পদক, নিবিৰ হাজৰিকাই ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপৰ পদক, ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক, তীৰ্থংক পেগুৱে ২০০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক আৰু দলীয় ভাৱে ৪x১০০ মিটাৰ ফ্ৰী ষ্টাইল ৰীলেত নিবিৰ হাজৰিকা, তন্ময় মন্ত ভৰালী আৰু অংশুমান দত্তই ৰূপৰ পদক লাভ কৰি যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে, পদক বিজয়ী সমূহ খেলুৱৈকে যোৰহাট ছুইমিং ছ'চাইটিৰ সভাপতি আৰু সম্পাদকে আন্তৰিক শুভেচ্ছা জনাইছে।