মুখ্য-পৃষ্ঠা

জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ক লৈ অভিনেত্ৰী স্বৰা ভাস্কৰৰ টুইট…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ জৱাহৰলাল নেহেৰুবিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্তকৰিছিল। আৰু তাৰপাছতেই জে এন ইউৰ হোষ্টেলৰ মাচুল হ্ৰাস কৰা হৈছিল। আৰু তাৰ মাজতেএই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বলিউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে।

স্বৰা ভাস্কৰে টুইটাৰত এই সন্দৰ্ভত লিখে- 'জেএনইউৱে সেই শিক্ষাৰ্থীৰ জীৱন সলনি কৰি দিয়ে যিসকলে বহুতো বাধা নেওচি এই বিশ্ববিদ্যালয়খনলৈ আহে। জে এন ইউ এই বাবে বিশেষ কাৰণ এই শিক্ষানুষ্ঠানখনে শিক্ষাক কেৱল কেইজনমান নিৰ্ধাৰিত লোকৰ অধিকাৰ বুলি নাভাবে। শিক্ষা হৈছে সকলোৰে জন্মগত অধিকাৰ।'