মুখ্য-পৃষ্ঠা

ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰিম মানহানিৰ গোচৰঃ বিজেপি নেতাৰ টুইট….

asomiyapratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা হ'ব মানহানিৰ গোচৰ। বিজেপি নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল মোডীয়ে ৰুজু কৰিব এই গোচৰ। ৰাহুল গান্ধীয়ে মোডী উপাধিৰ সকলো লোকেই চোৰ বুলি কৰা মন্তব্যৰ পাছতেই সুশীল মোডীয়ে মানহানিৰ গোচৰ ৰুজু কৰিব বুলি টুইটাৰযোগে জনায়।

কৰ্ণাটকত শনিবাৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীয়ে ভ্ৰষ্টাচাৰৰ ইছ্যু লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি অভিযোগ উত্থাপন কৰি গৈছিল যে 'চকীদাৰ ১০০ শতাংশ চোৰ'। লগতে তেওঁ কৈছিল যে- 'সকলো চোৰৰ উপাধি মোডী কিয়?'

কৰ্ণাটকৰ কোলাৰ, চিত্ৰগৰ্গ আৰু কেআৰ নগৰত যোৱা ১৩ এপ্ৰিলত কংগ্ৰেছ আৰু দলটোৰ সমৰ্থকসকলে জে ডি এছৰ প্ৰাৰ্থীজনৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়.ৰাহুল গান্ধীয়ে। তেওঁ কয় যে- লোকসভা নিৰ্বাচন অনিল আম্বানী আৰু সাধাৰণ জনতাৰ মাজত তথা চোৰ আৰু ভ্ৰষ্টতা বিৰোধী ৰাইজৰ মাজৰ এখন যুঁজ।

ইফালে, ৰাহুল গান্ধীয়ে 'সকলো চোৰৰ উপাধি কিয় মোডী' বুলি কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে যে- তেওঁ কংগ্ৰেছ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব।