মুখ্য-পৃষ্ঠা

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰঃ দীপিকা, শ্ৰদ্ধা, ছাৰা, ৰকুলকলৈ এনচিবিৰ চমন…

asomiyapratidin

ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰে জড়িত ড্ৰাগছৰ গোচৰক লৈ তদন্ত অব্যাহত ৰাখিছে এনচিবিয়ে। এনচিবিয়ে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন, শ্ৰদ্ধা কাপুৰ, ছাৰা আলী খান আৰু ৰকুল প্ৰীত সিঙক সোধ-পোছৰ বাবে চমন জাৰি কৰিছে।

আগন্তুক তিনি দিনৰ ভিতৰত এই অভিনেত্ৰী কেইগৰাকীক সোধ-পোছ কৰিব এনচিবিয়ে। সুশান্তৰ আত্মহত্যা আৰু ড্ৰাগছৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ পাছৰে পৰা বহু জনপ্ৰিয় তথা গণ্য মান্য ব্যক্তিৰ নাম পোহৰলৈ আহিছে। উল্লেখ্য যে, ১৪ জুন, ২০২০ত সুশান্ত সিং ৰাজপুতৰ মৃতদেহ বাণ্ড্ৰাস্থিত বাসগৃহত উদ্ধাৰ কৰা হৈছিল।