মুখ্য-পৃষ্ঠা

দেশৰ সকলো বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত উদযাপন কৰিব লাগিব ছাৰ্জিকেল ষ্ট্ৰাইক ডে

asomiyapratidin

ডিজিটেল ডেস্কঃ  দেশৰ সকলো বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে ২৯ ছেপ্টেম্বৰত উদযাপন কৰিব লাগিব ছাৰ্জিকেট ষ্ট্ৰাইক ডে। এই নিৰ্দেশনা দেশৰ প্ৰতিখন বিশ্ববিদ্যালয়–মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন চমুকৈ ইউজিচিয়ে।উল্লেখযোগ্য যে, এই দিনটোত বিশ্ববিদ্যালয়–মহাবিদ্যালয়ৰ এন চি চি ইউনিটে এক বিশেষ পেৰেড অনুষ্ঠিত কৰিব লাগিব।

সেই পেৰেডত সম্বোধন কৰিব এন চি চি কামাণ্ডাৰে। এন চি চি কেডাৰসকলৰ সৈতে মত-বিনিময় কৰিব সেনাৰ প্ৰাক্তন জোৱানে। ইয়াৰোপৰি সেইদিনা ইণ্ডিয়া গেটত এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হ'ব । ৰাজ্য চৰকাৰ, বিশ্ববিদ্যালয়–মহাবিদ্যালসমূহেও সেই ধৰণৰ প্ৰদৰ্শনীৰ আয়োজন কৰিবলৈ কোৱা হৈছে এই নিৰ্দেশত।

২০১৭চনৰ ২৯ ছেপ্টেম্বৰত ভাৰতীয় সেনাই এল অ' চি পাৰ হৈ পাকিস্তানৰ ভূমিত থকা সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ চলাইছিল। এই দিনটোৰ স্মৃতিস্বৰূপে বিশ্ববিদ্যালয়–মহাবিদ্যালয়সমূহক এই দিৱস উদযাপন কৰিবলৈ নিৰ্দেশ দিছে ইউজিচিয়ে।