Supreme Court verdict on 10% quota for EWS
Supreme Court verdict on 10% quota for EWS 
মুখ্য-পৃষ্ঠা

অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ (EWS)লোক সকলৰ বাবে ১০ শতাংশ আসন সংৰক্ষণ !

Asomiya Pratidin

ডিজিটেল ডেস্ক: অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ (ইডব্লিউএছ) বাবে ১০ শতাংশ সংৰক্ষণ বজাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে।উচ্চতম ন্যায়ালয়ে সোমবাৰে অৰ্থনৈতিকভাৱে দুৰ্বল সাধাৰণ শ্ৰেণীৰ (ইডব্লিউএছ) বাবে ১০ শতাংশ সংৰক্ষণত অনুমোদন জনাইছে। এই সিদ্ধান্তক প্ৰায় সকলো ৰাজনৈতিক দলে প্ৰশংসা কৰে ।

৫ জন ন্যায়াধীশৰ ভিতৰত, ৩ জনে অৰ্থনৈতিকভাৱে দুৰ্বল সাধাৰণ শ্ৰেণী (ইডব্লিউএছ কোটা) সংৰক্ষণৰ সপক্ষে আছিল । আৰু বিজেপি চৰকাৰৰ সিদ্ধান্তক সাংবিধানিক পৰিকাঠামোৰ উলংঘন বুলি বিবেচনা বুলি ধৰা নাছিল ।

বিজেপিয়ে কয় যে, ন্যায়ালয়ৰ ৰায়টোৱে প্ৰমাণ কৰে যে দৰিদ্ৰ আৰু বঞ্চিত সকলক কোটা প্ৰদান কৰিবলৈ সংবিধান সংশোধন কৰাৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ সিদ্ধান্ত সাংবিধানিক ভাৱে বৈধ আছিল।

এই সন্দৰ্ভত জনতা দল(ইউনাইটেড)য়ে কয় যে আমি সুখী যে উচ্চতম ন্যায়ালয়ে আজি এই প্ৰস্তাৱটো অনুমোদন জনাইছে। সকলোৱে ইয়াক স্বাগতম জনোৱা উচিত।"

উচ্চতম ন্যায়ালয়ত, মুখ্য ন্যায়াধীশ (চিজেআই) ইউইউ ললিত আৰু ন্যায়াধীশ ৰবীন্দ্ৰ ভাট এই সংৰক্ষণৰ বিৰুদ্ধে আছিল। আনহাতে ন্যায়াধীশ মহেশ্বৰী, ন্যায়াধীশ ত্ৰিবেদী আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাই সপক্ষে ৰায় দিছিল। অৰ্থাৎ, এতিয়া এই সংৰক্ষণ অব্যাহত থাকিব। এই সিদ্ধান্তৰ লাভালাভ শিক্ষা আৰু চৰকাৰী চাকৰিত সাধাৰণ শ্ৰেণীৰ লোক সকলৰ বাবে উপলব্ধ হ'ব।