মুখ্য-পৃষ্ঠা

মহিলাৰ নিৰ্যানতক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত, স্বামী গৃহতে নহয়, অন্য ঠাইতো তৰিব পাৰিব গোচৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ মহিলাৰ ওপৰত চলোৱা নিৰ্যাতন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক সিন্ধান্ত গ্ৰহণ কৰি কয় যে যিসকল মহিলাৰ ওপৰত নিৰ্যাতন চলাই ঘৰৰ স্বামীগৃহৰ পৰা খেদি দিয়া হয়, তেন্তে তেনে অভিযুক্তৰ বিৰুদ্ধে মহিলাগৰীয়ে আশ্ৰয় লৈ থকা অঞ্চল অথবা পিতৃগৃহতে অভিযোগ দাখিল কৰিব পাৰিব।

উচ্চতম ন্যায়ালৰ ৰায়দানত ন্যায়ালয়ে এয়াও স্পষ্ট কৰি দিয়ে নিৰ্যাতিতা মহিলাই কেৱল স্বামীগৃহতে তেনে অভিযোগ যে দাখিল কৰিব লাগিব তেনে নহয়। মহিলাগৰাকীয়ে সেই পৰিস্থিতিত য'তেই আশ্ৰয় লৈ থাকে, তাতেই অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি ন্যায়ৰ দাবী তুলিব পাৰিব। মহিলাগৰাকীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৮ৰ অধীনত অভিযোগ দাখিল কৰিব পাৰিব বুলিও স্পষ্ট কৰি দিয়ে ন্যায়ালয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যদি কোনো বিবাহিত মহিলাৰ ওপৰত নিৰ্যাতনৰ চলাই স্বামী গৃহৰ পৰা খেদি পঠিওৱা হৈছিল, তেতিয়া নিৰ্যাতিতা মহিলাগৰাকীয়ে কেৱল স্বামী গৃহৰ সমীপৰ থানাতহে অভিযোগ দাখিল কৰিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰ পীঠে গ্ৰহণ কৰা এই সিদ্ধান্ত মহিলাসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে পৰিগণিত হৈছে।