মুখ্য-পৃষ্ঠা

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষা পিছুওৱাৰ সিদ্ধান্ত..

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে উচ্চতম ন্যায়ালয়ে দেশৰ কোৰোণা পৰিস্থিতি আৰু বিভিন্ন স্থানত হোৱাৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৪ অক্টোৱৰত অনুষ্ঠিত হব লগা ৰাষ্ট্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা পিছুওৱাৰ সিদ্ধান্ত অস্বীকাৰ কৰিছে। ন্যায়াধীশ এ এম খানৱিলকাৰ, বি আৰ গবই আৰু কৃষ্ণা মুৰাৰীয়ে গঠিত তিনিজনীয়া বিচাৰপীঠে কেন্দ্ৰক অনুৰোধ কৰিছিল যে ,যি সকলে মহামাৰীৰ বাবে শেষবাৰৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ  নাপাব তেওঁলোকে যাতে পুণৰ পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱাৰ সুযোগ লাভ কৰে।

ন্যায়ালয়ে ২০২০ আৰু ২০২১ দুয়োবৰ্ষৰ পৰীক্ষা একেলগে অনু্ষ্ঠিত কৰিবলৈয়ো অস্বীকাৰ কৰিছে কৰি ইয়াৰ বাবে অধিক বেমেজালিৰহে সৃষ্টি কৰিব বুলি জনায় ।বিচাৰপীঠখনে আন এক শুনানিত প্ৰশাসনিক পৰীক্ষা সমুহ দুই বা তিনিমাহলৈ পিছুৱাবলৈয়ো আবেদন কৰিছিল যাতে বান আৰু কোভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহে। ৰাষ্ট্ৰীয় লোকসেৱা আয়োগে এই আবেদনৰ বিৰোধিতা কৰি কয় যে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সকলো প্ৰকাৰৰ সতৰ্কতা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।