মুখ্য-পৃষ্ঠা

তিছ হাজাৰী সংঘাতঃ অধিবক্তাসকলক উদ্দেশ্যি উচ্চতম ন্যায়ালয়ে ক’লে- এখন হাতেৰে কেতিয়াও তালি নাবাজে

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ তিছ হাজাৰী ক'ৰ্টৰ আৰক্ষী-অধিবক্তা সংঘাতক লৈ প্ৰতিবাদৰ ওৰ পৰা নাই। এই সংঘাতৰ কাৰণে এফালে বাৰ কাউন্সিলে যদি আৰক্ষী কৰ্মীক জগৰীয়া কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে, আনফালে সংঘাতৰ কাৰণ অধিবক্তাসকলহে বুলি দাবী কৰিছে দিল্লী আৰক্ষীয়ে। এই সংঘাতক পিছত এতিয়া দিল্লীৰ উপৰিও ওড়িশা, মধ্যপ্ৰদেশ আদি ৰাজ্যৰো অধিবক্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে।

আনহাতে শুকুৰবাৰে ওড়িশাত অধিবক্তাৰ দ্বাৰা পালন কৰা ধৰ্মঘট সম্বন্ধীয় এক শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অধিবক্তাসকলক উদ্দেশ্যি কয় যে এখন হাতেৰে কেতিয়াও তালি নাবাজে। সমস্যাৰ সৃষ্টি দুয়োপক্ষৰ পৰা হৈছে। ন্যায়ালয়ে কয়, 'আমি এই ক্ষেত্ৰত অধিক একো ক'ব নিবিচাৰো। আমি নিশ্চুপ হৈ থকাৰ এক কাৰণ আছে। কোনো এক পক্ষই এয়া দাবী কৰিব নোৱাৰে যে তেওঁলোকে সঠিকভাৱে কৰ্তব্য পালন কৰিছে। কাৰণ এই সংঘাতৰ সৃষ্টিত দুয়োপক্ষৰ সমানে হাত আছে।'

ইফালে আৰক্ষীৰ নিৰ্যাতনক লৈ অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন ন্যায়ালয়ে স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰে। বাৰ কাউন্সিলৰ অধ্যক্ষ মনন মিশ্ৰাই আদালতত আশা প্ৰকাশ কৰি কয় যে দুই দিনৰ ভিতৰত এই গোচৰৰ নিস্পত্তি হ'ব।

উল্লেখ্য যে, যোৱা ২ নৱেম্বৰত তিছ হাজাৰী ক'ৰ্ট চৌহদত আৰক্ষী আৰু অধিবক্তাৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। এই সংঘাতকালত অধিবক্তাসকলে কেইবাখনো বাহনত অগ্নিসংযোগ কৰাৰ পিছত আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয়। যাৰ ফলত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিত কেইবগৰাকীও অধিবক্তা আৰু আৰক্ষী আহত হ'বলগা হয়।