মুখ্য-পৃষ্ঠা

এন আৰ চিঃ কোন জিলাত কিমানৰ নাম বাদ পৰিল তথ্য দিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ এন আৰ চি সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। ৰাজ্যিক এন আৰ চি সমন্নয়ক প্ৰতীক হাজেলাক বন্ধ খামত জিলা অনুসৰি কিমান লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহ'ল তাৰে সবিশেষ জনাবলৈ হাজেলাক নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে, আজি এন আৰ চি সন্দৰ্ভত ন্যায়ালয়ত আন এক শুনানি অনুষ্ঠিত হৈছিল। উচ্চতম ন্যায়ালয়ে শতাংশ হাৰত কোন জিলাত কিমান লোকৰ নাম বাদ পৰিল সেই তথ্য জমা দিবলৈ হাজেলাক নিৰ্দেশ দিয়ে। এই বিষয়ক লৈ পৰৱৰ্তী শুনানি হ'ব ২৮ আগষ্টত।