মুখ্য-পৃষ্ঠা

CBIৰ অফিচ, থানাৰ সকলো ৰূম আৰু লকআপত থাকিব লাগিব চি চি কেমেৰাঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সকলো থানাত চি চি কেমেৰা সংস্থাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ পাছতে দেশৰ উচ্চতম ন্যায়ালয়ে বুধবাৰে আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে। চি বি আই, এন আই এ, ই ডি, এন চি বি, ডি আৰ আইৰ দৰে সকলো তদন্তকাৰী সংস্থাৰ কাৰ্যালয় আৰু লকআপত চাউণ্ড চিষ্টেম সংলগ্ন চি চি কেমেৰা লগাবলৈ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে।

ন্যায়ালয়ে লগতে নিৰ্দেশ প্ৰদান কৰিছে যে, দেশৰ সকলো আৰক্ষী থানাৰ প্ৰৱেশ পথ, লক আপ, কৰিডৰ, লবী, থানাৰ সন্মুখৰ ৰূমৰ উপৰিও সকলো অফিচাৰ আৰু বাথৰূমৰ বাহিৰত সংস্থাপন কৰিব লাগে চি চি কেমেৰা। এই কেমেৰা সকলো ফুটেজ ১৮মাহ পৰ্যন্ত ৰখাটো বাঞ্চনীয় বুলি নিৰ্দেশত কোৱা হৈছে।

উল্লেখ্য যে, ২০১৮চনতে দেশৰ সকলো আৰক্ষী থানাৰ বাহিৰ চি চি কেমেৰা স্থাপন কৰিব লাগে বুলি এক নিৰ্দেশ প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু দেশৰ অধিকাংশ থানাত এনে ব্যৱস্থা নথকাৰ পৰিপেক্ষিতত শেহতীয়াকৈ এই কঠোৰ নিৰ্দেশ প্ৰদান কৰে। তিনিজনীয়া বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে।