মুখ্য-পৃষ্ঠা

কৃষি আইন বলবৎ সন্দৰ্ভত উচ্চতম ন্যায়লয়ৰ স্থগিতাদেশ, গঠন কৰিলে এখন সমিতি…

asomiyapratidin

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে মঙলবাৰে নতুন কৃষি আইনৰ বলবৎ কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ স্থগিতাদেশ । আদালতৰ পৰৱৰ্তী নিৰ্দেশনা লৈকে এই আইনবোৰ প্ৰযোজ্য নহ'ব। এই আইনসমূহৰ বিষয়ে আলোচনা কৰিবলৈ শীৰ্ষ আদালতেএখন সমিতি গঠন কৰি দিয়ে। আদালতে হৰসিমৰত মান, কৃষি অৰ্থনীতিবিদ অশোক গুলাটী, ডা০ প্ৰমোদ কুমাৰ যোশী (ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনাৰ পূৰ্বৰ নিৰ্দেশক), অনিল ধনৱতক সমিতিৰ সদস্য হিচাপে পৰামৰ্শ দিয়ে।

কৃষক সংগঠন সমূহে সমিতি গঠনৰ ক্ষেত্ৰত বিৰোধ কৰিছিল যদিও শুনানিৰ সময়ত আদালতে কয় যে ইয়াৰ বাবে এক অন্তৰ্কালীন আদেশ দিব। শুনানিৰ সময়ত, কৃষকৰ অধিবক্তা শর্মাই কয় যে- 'কৃষক সংগঠনবোৰ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ বিৰোধিতা কৰে । আদালতে কয় যে,যদি কৃষক সকলে চৰকাৰৰ সৈতে আলোচনা কৰিব পাৰে তেন্তে সমিতিৰ সৈতে কিয় নহয়? যদি তেওঁলোকে সমস্যাটো সমাধান কৰিব বিচাৰে, তেন্তে আমি শুনিব নিবিচাৰোঁ যে কৃষক সকলে সমিতিৰ সন্মুখত উপস্থিত নহ'ব।'