মুখ্য-পৃষ্ঠা

পৰীক্ষা পাতি বিপদত পৰিব নেকি অন্ধ্ৰ প্ৰদেশ চৰকাৰ ? পৰীক্ষাৰ্থীৰ মৃত্যুত ১ কোটিৰ ক্ষতিপূৰণ…

asomiyapratidin

পৰীক্ষা পাতি বিপদত পৰিব নেকি অন্ধ্ৰ প্ৰদেশ চৰকাৰ ! শিক্ষাৰ্থীৰ মৃত্যুত ১ কোটিৰ ক্ষতিপূৰণ

ডিজিটেল ডেস্ক: অসমত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ পাছতেই বহু বিতৰ্কৰ সৃষ্টি হোৱা দেখা গৈছে। মেধাৱী ছাত্ৰ ছাত্ৰী সকলৰ ভবিষ্যতৰ প্ৰতি শংকা নামি আহিছে,অমসত আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হৈছে। কিন্তু পৰীক্ষাৰ সন্মতি দিয়াৰ বাবেই শেহতীয়াকৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ তীব্ৰ প্ৰশ্নবানৰ সন্মুখীন হৈছে এখন ৰাজ্য ।

অন্ধ্ৰ প্ৰদেশত দ্বাদশ পৰীক্ষা অনুস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই উচ্চতম ন্যায়ালয়ে অন্ধ্ৰ প্ৰদেশৰ চৰকাৰ আৰু শিক্ষা পৰিষদক প্ৰশ্ন কৰে যে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত ৰাজ্যখনৰ কোৰোনা পৰিস্থিতিক প্ৰাধান্য দিয়া হৈছিল নে নাই ? লগতে মহাৰাষ্ট্ৰ কেৰেলা, মধ্য প্ৰদেশত বাঢ়ি অহা কোৰোনাৰ নতুন প্ৰকাৰ ডেল্টা প্লাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতিও ৰাজ্য খনে বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন আছিল বুলি উল্লেখ কৰিছে উচ্চ ন্যয়ালয়ে।

ৰাজ্য খনত থকা ৫,২০,০০ পৰীক্ষাৰ্থীৰ বাবে ৩৪,০০০ কক্ষৰ প্ৰয়োজন হব এই ক্ষেত্ৰত ৰাজ্য খনে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব এই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে ন্যালয়ে। এই পৰীক্ষাৰ দ্বাৰা যাতে এগৰাকীও পৰীক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি নাহে তাৰ প্ৰতিও লক্ষ্য কৰিব লাগিব ৰাজ্য খনে । পৰিক্ষা কিদৰে অনুস্থিত কৰা হ'ব এই সকলো তথ্য উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব। যদি এই পৰীক্ষাৰ বাবে এজনো পৰীক্ষা্থীৰ মৃত্যু হয় তেনেহলে ১ কোটি টকাৰ ক্ষতিপূৰণৰ দৰে শাস্তিৰ সন্মূখীন হব পাৰে ৰাজ্য খন এই সন্দৰ্ভত শুকুৰবাবে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যয়ালয়ে।