ডিজিটেল ডেস্কঃ 'ছুপাৰ ৩০'ৰ সংস্থাপক তথা বিশিষ্ট শিক্ষক আনন্দ কুমাৰৰ সন্দৰ্ভত এক আচৰ্যজনক খবৰ পোহৰলৈ আহিছে। আনন্দ কুমাৰে এটা ভিডিঅ'ত কয় যে তেওঁ মৃত্যুৰ সৈতে যুঁজ দি আছে। তেওঁৰ এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দিয়াৰ পাছৰে পৰা ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে, অভিনেতা হৃতিক ৰোশ্বনৰ নতুন ছবি 'ছুপাৰ ৩০' বিহাৰৰ আনন্দ কুমাৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। তেওঁ প্ৰায় ৩০গৰাকী শিক্ষাৰ্থীক বিনামূল্যে আই আই টিৰ বাবে সাজু কৰিছিল। আৰু সেয়েহে এই ছবিখনৰ নামো 'ছুপাৰ ৩০' ৰখা হয়।
এই ছবিখনৰ দ্বাৰা এই সু-প্ৰতিষ্ঠিত শিক্ষকগৰাকীৰ জীৱনৰ বিষয়েঅধিক জানিব পৰা যাব। সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত আনন্দ কুমাৰে জনায় যে,তেওঁৰ ব্ৰেইন টিউমাৰৰ সৈতে যুঁজ দি আছে। তেওঁ লগতে জনাই যে, প্ৰথমে তেওঁৰ শুনাতঅসুবিধা হৈছিল। তাৰপাছত তেওঁক চিকিৎসালয়ত ই এন টি চিকিৎসা প্ৰদান কৰা হয় যদিও,কোনো ধৰণৰ সুফল লাভ নকৰে কুমাৰে।
২০১৪চনত দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত চিকিৎসাধীন হৈ থকাঅৱস্থাত তেওঁক চিকিৎসকে জনায় ব্ৰেইন টিউমাৰ হোৱা কথা। তেওঁ আৰু কয় যে, এই টিউমাৰৰপ্ৰভাৱ শৰীৰৰ বাকীবোৰ অংগটো পৰিব পাৰে। 'ছুপাৰ ৩০' ছবিখনৰ সন্দৰ্ভত আনন্দ কুমাৰেকয়- 'মই জীৱিত কালতে মোৰ বায়'পিকত জীৱন সংগ্ৰামৰ যাত্ৰা মই চাবলৈ পাম।'