মুখ্য-পৃষ্ঠা

কাজিৰঙাত জৰাজীৰ্ণ চাৰিবেৰৰ মাজত ভৱিষ্যতৰ সপোন ৰচিছে শিক্ষাৰ্থীয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙা : শিক্ষামন্ত্ৰীয়ে শিক্ষা ব্যৱস্থাত হোৱা আমোল পৰিবৰ্তনৰ কথা কোৱাৰ বিপৰীতে শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাইছে কাজিৰঙাৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ে ৷

জৰাজীৰ্ণ চাৰি বেৰৰ মাজত ভৱিষ্যতৰ সপোন ৰচিছে কাজিৰঙাৰ ২ নং শিলডুবি বৰবিল মিচিং গাঁও প্ৰাথমিক বিদ্যালয় খনৰ শিক্ষাৰ্থীয়ে ৷ প্ৰাথমিক শিক্ষাই হৈছে এগৰাকী শিক্ষাৰ্থী বা শিশুৰ আনুষ্ঠানিক শিক্ষা আহৰণৰ মূল ভেঁটি। প্ৰাথমিক শিক্ষাৰ ওপৰতেই নিৰ্ভৰ কৰে এখন ৰাজ্যৰ, দেশৰ শিক্ষা ব্যৱস্থা। অথচ এই প্ৰাথমিক শিক্ষা ব্যৱস্থাকে গুৰুত্ব প্ৰদানত কৃপনালী কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।

কাজিৰঙাৰ এই বিদ্যালয়খনৰ দুৰৱস্থাৰ বাবে ক্ষোভ উজাৰিছে অভিভাৱকৰ লগতে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ যে, ১৯৮৪ চনতে স্থাপন হোৱা বিদ্যালয় খনৰ উন্নয়নৰ বাবে চৰকাৰ বা জন প্ৰতিনিধি সকলে কোনো ব্যৱস্থা নকৰিলে ৷ দুজন শিক্ষক থকা বিদ্যালয় খনত গোহালি সদৃশ একেটা কোঠাতে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব লগীয়া হৈছে ৷ মিচিং জনগোষ্ঠী প্ৰধান গাঁও খনত বসবাস কৰি থকা চাহ জনগোষ্ঠীৰ লোকক সামৰি একমাত্ৰ বিদ্যালয় খনৰ শিক্ষাৰ্থীৰ সংখ্যা ৭৪ জন ৷ বিদ্যালয়খনত অধ্যয়ন কৰি থকা কণ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে গাঁৱৰ বাসিন্দা সকল ৷

যি সময়ত শাসনাধিষ্ঠ চৰকাৰে শিক্ষা খণ্ডৰ তুমুল উন্নয়নৰ কথা ৰাজহুৱা ভাৱে প্ৰচাৰ কৰি আহিছে সেই সময়ত কাজিৰঙাৰ এই বিদ্যালয় খনৰ দুৰৱস্থাৰ কথা চৰকাৰৰ কাণত পৰিবনে ?