শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা  স্থাপন
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন 
মুখ্য-পৃষ্ঠা

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অহা ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰী ২০২৩ ত অনুষ্ঠিত হ'ব ৯২ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। সেই উপলক্ষে দেওবাৰে পুৱা ১০ বজাত সংঘৰ পৰম্পৰা অনুসৰি অধিৱেশনৰ পবিত্ৰ লাইখুঁটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে।

এই উপলক্ষে চেৰেণ পথাৰত এক উদুলি মুদুলি পৰিৱেশৰ সূচনা হয়। লাইখুঁটা স্থাপন হোৱা চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ভকত বৈষ্ণৱৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰে।